নগাওঁ, ২৬ অক্টোবৰ: নগাঁৱৰ জুৰীয়া সুঁতিৰপাৰত বুধবাৰে পুৱাই প্ৰশাসনে চলালে উচ্ছেদ অভিযান (Eviction at Rupahihat) । আৰক্ষী,অৰ্ধ-সামৰিক বাহিনীৰ বৃহৎ দল লৈ বুলড'জাৰেৰে উচ্ছেদ কৰিলে কেইবাটাও পকী বাসগৃহ । ইপিনে,অবৈধভাৱে নিৰ্মাণ কৰা প্ৰতিটো ঘৰেই উচ্ছেদ কৰিব প্ৰশাসনে সঁকীয়াই দিছে ।
পুৱাই জিলাখনৰ ৰূপহীহাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত এটা দলে সুঁতিৰপাৰ বজাৰত চলায় উচ্ছেদ অভিযান (Eviction at Nagaon Juria suttiar)। বেদখলকাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ কঠোৰ হোৱাৰ সময়ত নগাঁও জিলা প্ৰশাসনো সৰৱ হৈছে অবৈধ দখলকাৰীৰ বিৰুদ্ধে ।
উল্লেখ্য় যে জিলাখনৰ জুৰীয়াৰ সুঁতিৰপাৰ বজাৰত একাংশ লোকে দোকানৰ নামত অনুজ্ঞাপত্ৰ লৈ পকী বাসগৃহ নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছিল । সেই অভিযোগৰ ভিত্তিত এক অনুসন্ধানৰ অন্তত বুধবাৰে পুৱাই জিলা প্ৰশাসনে উচ্ছেদ কৰে অবৈধ বাসগৃহ । সুঁতিৰপাৰ বজাৰৰ মাজমজিয়াত নিৰ্মাণ কৰা পাঁচটাকৈ পকী বাসগৃহ উচ্ছেদ কৰে বুলড'জাৰৰে । সুঁতিৰপাৰ বজাৰৰ ১৩ বিঘা মাটিৰ ভিতৰত থকা অবৈধ পকী বাসগৃহত অভিযান চলায় প্ৰশাসনে ।
দোকানৰ নামত অনুজ্ঞাপত্ৰ লৈ পকী বাসগৃহ নিৰ্মাণ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সঁকীয়াই দিছে ৰূপহীহাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃগাক্ষী দাসে । বাজৰৰ ভূমি জালিয়াতৰে দখল কৰা প্ৰতিটো গৃহই উচ্ছেদ কৰাৰ কথা উল্লেখ কৰে ৰাজহ চক্ৰ বিষয়া মৃগাক্ষী দাসে ।
উল্লেখ্য় যে মঙলবাৰে জুৰীয়াৰ সুঁতিৰপাৰ বজাৰত প্ৰশাসনে চলোৱা উচ্ছেদৰ সময়ত সৃষ্টি হোৱা নাই কোনো অপ্ৰীতিকৰ পৰিস্থিতি । শান্তিপূৰ্ণ ভাবে উচ্ছেদ কৰা হয় ৰূপহীহাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নেতৃত্বত ।
লগতে পঢ়ক:Miya museum controversy: নলবাৰী আদালতত হাজিৰ মহৰ আলী, আব্দুল বাতেন আৰু তনু ধাদুমীয়াক