ETV Bharat / state

ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ কমিচনৰাজৰ তদন্ত ঘোষণা

author img

By

Published : May 28, 2022, 6:39 PM IST

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ (Etv Bharat news impact)। ইটিভি ভাৰতত সম্প্ৰচাৰ হোৱা এটা বাতৰিৰ পিছতেই এতিয়া হাহাকাৰ লাগিছে নগাঁও শিক্ষা বিভাগত । ইটিভি ভাৰতৰ বাতৰিৰ ভিত্তিতেই তদন্ত ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে ৷ সবিশেষ এই প্ৰতিবেদনত...

Etv Bharat news impact
শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ কমিচনৰাজৰ তদন্ত ঘোষণা

নগাঁও, 28 মে’ : চলিত মাহৰ 12 তাৰিখে ই টিভি ভাৰতত সম্প্ৰচাৰ হৈছিল শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ নামত নগাঁৱত সংঘটিত হোৱা কমিচনৰাজৰ এটা বাতৰি (School uniform scam in Nagaon) ৷ এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া তোলপাৰ লাগিছে নগাঁও শিক্ষা বিভাগত । শিক্ষা বিভাগৰ সৰ্বশিক্ষাৰ অধীনত শিক্ষাৰ্থীক বিনামূলীয়া ইউনিফৰ্ম প্ৰদান(Free uniform distribution)ৰ দৰে এক আঁচনি গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে ।

ইউনিফৰ্ম প্ৰদানৰ ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা বান্ধি দিয়া হৈছিল কিছু নীতি নিয়ম । কিন্তু চৰকাৰী নীতি নিয়মক ভৰিৰে মোহাৰি একাংশ বিষয়া, শিক্ষক কমিচনৰাজৰ জৰিয়তে ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছিল । কেৱল অভিযোগেই নহয় এগৰাকী শিক্ষকৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছিল বিভিন্ন মাধ্যমত ।এগৰাকী ব্যক্তি আৰু শিক্ষকৰ মাজত হোৱা বাৰ্তালাপৰ ভিডিঅ’ত স্পষ্ট হৈছিল ইউনিফৰ্মৰ নামত হোৱা কমিচনৰাজৰ কিছু তথ্য ।

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ কমিচনৰাজৰ তদন্ত ঘোষণা

য'ত নাম সাঙোৰ খাইছিল ৰাজ্যৰ একাংশ শীৰ্ষ বিষয়াৰ । এই ভিডিঅ আৰু বিভিন্ন দল সংগঠনৰ মন্তব্যৰ ভিত্তিতেই ইটিভি ভাৰতত সম্প্ৰচাৰ হৈছিল এটা বাতৰি । এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া নগাঁৱৰ জিলা উপায়ুক্ত নিসৰ্গ হিবৰেই ঘোষণা কৰিছে তদন্ত । সম্প্ৰতি ইটিভি ভাৰতৰ বাতৰিৰ ভিত্তিতেই তদন্ত আৰম্ভ কৰিছে নগাঁও জিলা প্ৰশাসনে ।

নগাঁৱৰ এগৰাকী অতিৰিক্ত উপায়ুক্তই ইউনিফৰ্মৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে । এতিয়া সঠিক তদন্ত হ’লে জিলাখনৰ একাংশ প্ৰধান শিক্ষকৰ লগতে একাংশ বিষয়া যে জালত পৰিব, সেয়া কিন্তু এক প্ৰকাৰে নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক : ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ নামত কোনে খাই কিমান কমিচন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.