নগাঁও, 7 মে' : নগাঁৱৰ আয়ুসৰেখা স্বৰূপ কলং। এই কলঙে নৱকান্ত বৰুৱা, দেৱকান্ত বৰুৱা, ৰত্নকান্ত বৰকাকতি, মহিম বৰাৰ দৰে বহু প্ৰথিতযশা সাহিত্যিকৰ সৃষ্টিত প্ৰাণ পাইছিল । এই কলং পৰিষ্কাৰ কৰি বোঁৱতী কৰাৰ নামত বছৰ বছৰ ধৰি চলি আহিছে নগাঁৱৰ ৰাজনীতি । নানা আঁচনি গ্ৰহণ কৰি আহিছে প্ৰতিখন চৰকাৰৰে মন্ত্ৰী, বিধায়কে । কিন্তু সেয়া যেন কাগজ-কলমতেই সীমাবদ্ধ থাকিল ।
শেহতীয়াকৈ স্থানীয় বিধায়ক ৰূপক শৰ্মাইও কলং পৰিষ্কাৰ কৰি বোঁৱতী কৰাৰ বাবে গ্ৰহণ কৰিছে নানা পদক্ষেপ । কিন্তু এনে সময়তে নগাঁও পৌৰসভাৰ দায়িত্বজ্ঞানহীনতাৰ চূড়ান্ত ছবি বন্দী হ'ল ইটিভি ভাৰতৰ কেমেৰাত । নগাঁৱৰ নেহেৰুৱালিৰ সমীপৰ কলঙৰ পাৰত জাবৰৰ দ'ম । নগাওঁ চহৰৰ বিভিন্ন প্ৰান্তৰ জাৱৰ পেলাই পৌৰসভাই পুতি ৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি কৰিলে কলঙৰ পাৰত । বুধবাৰে একমাত্ৰ ইটিভি ভাৰত অসমত প্ৰকাশ পাইছিল এই বাতৰি ।
বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতেই বিধায়ক ৰূপক শৰ্মাই এদিনৰ ভিতৰতে আৱৰ্জনা পৰিষ্কাৰ কৰাৰ নিৰ্দেশ দিয়ে নগাঁও পৌৰসভাক । পুৱাৰ পৰাই জে চি বি লগাই কেবাখনো ট্ৰাকেৰে কলঙৰ পাৰৰ পৰা আৱৰ্জনা চাফা কৰাৰ কাম আৰম্ভ কৰে পৌৰসভাই । দহ বাৰ দিন পূৰ্বেই কলঙৰ পাৰত জাবৰ পেলাইছিল নগাওঁ পৌৰসভাই । নানা অজুহাতত নেহেৰুৱালিৰ সমীপৰ কলঙৰ পাৰত জাবৰৰ দ'ম কৰিছিল যদিও প্ৰচাৰৰ পাচত পৰিষ্কাৰ কৰিবলৈ বাধ্য় হৈছে পৌৰসভা ।
লগতে পঢ়ক : নগাঁও পৌৰসভাৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই প্ৰদূষিত হৈছে কলং !