ETV Bharat / state

নগাঁৱৰ প্ৰথমখন 'এথনিক ভিলেজ'ৰ মৰ্যদা লাভৰ দিশত কলিয়াবৰৰ নতুন-ডাঙ্গা

author img

By

Published : Nov 1, 2019, 1:12 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ,স্থানীয় বিধায়ক,কলিয়াবৰ মহকুমা প্ৰশাসন,ডব্লিউ ডব্লিউ এফৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে নগাঁও জিলাৰ প্ৰথমখন "এথনিক ভিলেজ"ৰ মৰ্যদা লাভৰ পথত অগ্ৰসৰ হৈছে নতুন-ডাংগা গাঁও ৷ দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থে নতুন ৰূপত গঢ়ি তোলা হৈছে নতুন-ডাঙ্গাক ৷

নগাঁৱৰ প্ৰথমখন 'এথনিক ভিলেজ'

কলিয়াবৰ,1 নৱেম্বৰঃ কলিয়াবৰক বিশ্ব মানৰ পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ লক্ষ্যৰে কলিয়াবৰত গঢ়ি তোলা হৈছে 'এথনিক ভিলে'জ' । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ,স্থানীয় বিধায়ক,কলিয়াবৰ মহকুমা প্ৰশাসন,ডব্লিউ ডব্লিউ এফৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে নগাঁও জিলাৰ প্ৰথমখন "এথনিক ভিলেজ"ৰ মৰ্যদা লাভৰ পথত অগ্ৰসৰ হৈছে নতুন-ডাংগা গাঁও ৷ যাৰ বাবে কাজিৰঙাৰ দাঁতিকাষৰীয়া 37 নম্বৰ ঘাইপথৰ কাষতে অৱস্থিত গাঁওখন গঢ়ি তোলা হৈছে ন-ৰূপত । লগতে সামূহিক প্ৰচেষ্টাৰে মুকলিত মল-মূত্ৰ ত্যাগ বৰ্জিত আৰু সকলোৰে বাবে বিশুদ্ধ খোৱাপানীৰ সুচল ব্যৱস্থাৰে কাজিৰঙা আৰু কলিয়াবৰলৈ আগমণ হোৱা পৰ্যটকক আকৰ্ষণ আৰু সুবিধা প্ৰদানৰ ব্যৱস্থা গঢ়ি তোলা হৈছে । ইয়াৰোপৰি সুস্বাদু পৰম্পৰাগত খাদ্য সম্ভাৰৰো বন্দোবস্তি কৰা হৈছে । নিৰাপত্তাৰ দিশত সহযোগিতা প্ৰদান কৰি জখলাবন্ধা আৰক্ষীয়ে দেশী-বিদেশী পৰ্যটকৰ নিৰাপত্তাৰ দিশটোও সুনিশ্চিত কৰিছে। নগাঁও জিলাৰ প্ৰথমখন "এথনিক ভিলেজ" নতুন ডাঙ্গাক লৈ সকলোৰে এতিয়া দৃষ্টি নিবদ্ধ হৈ পৰিছে ।

লগতে পঢ়কঃপুনৰ বঞ্চিত থলুৱা: ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত নিলাম মধ্যাহ্ন ভোজন আঁচনি

Intro:নগাঁও জিলাৰ প্ৰথমখন 'এথনিক ভিলেজ'ৰ মৰ্য‍্যাদা লাভৰ দিশত কলিয়াবৰৰ নতুন-ডাঙ্গা

দেশী-বিদেশী পৰ্যটকৰ সুবিধাৰ্থে নতুন ৰূপত গঢ়ি তোলা হৈছে নতুন-ডাঙ্গাকBody:কলিয়াবৰক বিশ্ব মানৰ পৰ্য‍্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ লক্ষ‍্যৰে কলিয়াবৰত গঢ়ি তোলা হৈছে এথনিক ভিলে'জ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, স্থানীয় বিধায়ক, কলিয়াবৰ মহকুমা প্ৰশাসন, ডব্লিউ ডব্লিউ এফৰ ঐক্যৱদ্ধ প্ৰচেষ্টাৰে নগাঁও জিলাৰ প্ৰথমখন "এথনিক ভিলেজ"ৰ মৰ্য‍্যাদা লাভৰ পথত অগ্ৰসৰ হৈছে নতুন-ডাঙ্গা গাঁও কাজিৰঙাৰ দাঁতি কাষৰীয়া সাতত্ৰিশ নম্বৰ ঘাইপথৰ কাষতে অৱস্থিত গাঁওখন গঢ়ি তোলা হৈছে ন-ৰূপত। সামূহিক প্ৰচেষ্টাৰে মুকলিত মল-মূত্ৰ ত্যাগ বৰ্জিত আৰু সকলোৰে বাবে বিশুদ্ধ খোৱাপানীৰ সুচল ব্যৱস্থাৰে কাজিৰঙা আৰু কলিয়াবৰলৈ আগমন হোৱা পৰ্যটকক আকৰ্ষণ-সুবিধা প্ৰদানৰ বন্দোৱস্তি গঢ়ি তোলা হৈছে। স-ুবন্দোৱস্তি কৰা হৈছে সুস্বাদু পৰম্পৰাগত খাদ্যসম্ভাৰৰ। নিৰাপত্তাৰ দিশত সহযোগিতা প্ৰদান কৰি জখলাবন্ধা আৰক্ষীয়ে দেশী-বিদেশী পৰ্যটকৰ নিৰাপত্তা কৰিছে সুনিশ্চিত। সকলোৰে এতিয়া দৃষ্টি নিৱদ্ধ হৈছে নগাওঁ জিলাৰ প্ৰথমখন "এথনিক ভিলেজ" নতুন ডাঙ্গাত। নতুন ডাঙ্গা গাঁওৱে পৰ্যটনক প্ৰদান কৰিছে নতুন মাত্ৰাConclusion:visuals
bite : forest officer, burhapahar range, knp
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.