ৰহা,9 আগষ্ট: বানৰ পিছতে খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নগাঁও জিলাৰ ৰহাত ৷ শেহতীয়াকৈ বিগত দুমাহৰ ভিতৰত পাঁচবাৰকৈ অহা বাৰিষাৰ বানে ৰহা আৰু মৰিগাঁও বিধানসভা সমষ্টিৰ বিভিন্ন এলেকা ক্ষতিগ্ৰস্ত কৰাৰ পিছত খহনীয়াই আতংকৰ সৃষ্টি কৰিছে স্থানীয় ৰাইজৰ মাজত ৷ মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত মোলানকাটা আদৰ্শ গাঁৱলৈ শেহতীয়াকৈ কলং নদীৰ ব্যাপক খহনীয়াই নমাইছে বিপদ ৷ ৰহাৰ দীঘলীআটিৰ পৰা মোলানকাটা সংযোগী একমাত্ৰ পথটো বিগত দুদিনপূৰ্বে খহনীয়াই বিচ্ছিন্ন কৰাৰ উপক্ৰম ঘটোৱাত ভাবুকি সৃষ্টি হৈছে যাতায়াতৰ প্ৰতি ৷
উল্লেখ্য যে, ভুমিহীন লোকৰ বাবে অসম চৰকাৰে বহুবছৰ পূৰ্বে স্থাপন কৰা মোলানকাটা আদৰ্শ গাঁওত বসবাস কৰি আছে প্ৰায় 200 পৰিয়ালে ৷ কিন্তু গাঁৱখনৰ মাজেৰে বৈ যোৱা কলং নদীয়ে প্ৰতিবছৰে খহনীয়াৰ সৃষ্টি কৰি ভৌগোলিক আকৃতি সলনি কৰিছে উক্ত গাঁওৰ ৷ স্থানীয় ৰাইজৰ মতে,বৰ্তমানলৈকে কলঙৰ বুকুত জাহ গৈছে প্ৰায় 40 বিঘাৰো অধিক ভূমি ৷ ইয়াৰ পিছতো এইক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা নাই জলসম্পদ বিভাগে ৷ বিভাগীয় কৰ্তৃপক্ষই ৰাইজৰ উত্থাপিত অভিযোগৰ প্ৰতি গুৰুত্ব দিয়াৰ পৰিৱৰ্তে গা এৰা মন্তব্যৰে দায়িত্ব সামৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ সেয়ে অঞ্চলবাসীয়ে বিষয় সন্দৰ্ভত স্থানীয় বিধায়ক ৰমাকান্ত দেউৰীৰ সহযোগিতা আহ্বান কৰিছে ৷
লগতে চাওকঃ মৈৰাবাৰীত বৃহৎ পৰিমাণৰ নকল নোট উদ্ধাৰ