ETV Bharat / state

লুইতৰ বুকুত বিলীন হোৱাৰ দিশে শিলঘাটৰ অশোকাষ্টমী মেলাস্থলী

শিলঘাটত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ যোৱা 2 মাহ ধৰি অব্যাহত আছে এই গৰাখহনীয়া ৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে অশোকাষ্টমী মেলা পথাৰৰ কেইবা বিঘা মাটি ৷

Erosion of Brahmaputra at Kaliabor
ভয়ংকৰ খহনীয়াৰ কৱলত কলিয়াবৰৰ শিলঘাট
author img

By

Published : Jun 16, 2021, 6:38 PM IST

কলিয়াবৰ, 16 জুন : ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়াৰ কৱলত এতিয়া কলিয়াবৰ শিলঘাটৰ নৈপৰীয়া অঞ্চল । শিলঘাটৰ ৰবৰ-বাৰীৰ বিস্তৃৰ্ণ অঞ্চলৰ লুইতৰ খহনীয়াত জাহ গৈছে ৷ ইতিমধ্যে খহনীয়া কৱলত পৰি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে অশোকাষ্টমী মেলা পথাৰৰ কেইবা বিঘা খেতি-মাটি ।

ইফালে ব্ৰহ্মপুত্ৰৰ এই খহনীয়াই শিলঘাটস্থিত অসম সমবায় মৰাপাট কলটোলৈও শংক কঢ়িয়াই আনিছে ৷ কিয়নো মৰাপাট কলটোৰ পৰা নিচেই ওচৰতে সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ এই ভয়ংকৰ খহনীয়া ৷

বিগত দুমাহ ধৰি অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধ কৰা বাবে তাৎক্ষণিক পদক্ষেৰ গ্ৰহণ কৰিছে জলসম্পদ বিভাগে ৷ ইতিমধ‍্যে শিলঘাটলৈ অনা হৈছে বৃহৎ সংখ‍্যক পাৰ্কুপাইন । মৰাপাট কলৰ সন্মুখভাগৰ মেলা পথাৰ আৰু ৰবৰবাৰীৰ সমীপত ত্ৰিশূলধাৰী মন্দিৰৰ দিশে গতি কৰা খহনীয়া ৰোধৰ কৰা বাবে তৎপৰ হৈছে জলসম্পদ বিভাগ ৷

ভয়ংকৰ খহনীয়াৰ কৱলত কলিয়াবৰৰ শিলঘাট

উল্লখ্য যে, জল সম্পদ বিভাগৰ শেহতীয়া এই তৎপৰতাত অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বাঢ়়নীপানীয়ে ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰিছে ৷ এই তৎপৰতা সময় উপযোগী হোৱা নাই মন্তব্য প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

বিগত প্ৰায় দহ বছৰ ধৰি শিলঘাটৰ ৰবৰ-বাৰী, বিহডুবি অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ ব্যাপক গৰাখহনীয়া । প্ৰতিবছৰে গৰাখহনীয়াৰ কৱলত পৰা অঞ্চলটোৰ হাজাৰ হাজাৰ কৃষি ভূমি জাহ গৈছে লুইতৰ বুকুত । গতিকে শিলঘাটৰ এই খহনীয়াৰ ৰোধ কৰাৰ বাবে স্থায়ী পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্যৰ চৰকাৰৰ জল সম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় লোকে ৷

লগতে পঢ়ক: মুক্ত আকাশৰ তলত দেবাংগনা : কি ক’লে মাতৃয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.