ETV Bharat / state

শিলঘাটত চপৰা চপৰে খহিছে লুইতৰ গৰা

author img

By

Published : May 23, 2021, 1:55 PM IST

বিগত প্ৰায় দহ বছৰ ধৰি শিলঘাটৰ ৰবৰ-বাৰি অঞ্চলত চপৰা-চপৰে খহি আহিছে লুইতৰ পাৰ ৷ যাৰ ফলত লুইতৰ বুকুত জাহ গৈছে অঞ্চলটোৰ হাজাৰ হাজাৰ কৃষিভূমি ৷ যাৰ ফলত একপ্ৰকাৰ গৃহহাৰা হৈছে বহু পৰিয়াল ৷

Erosion at Shilghat in Kaliabar
লুইতৰ গৰা খহনীয়াৰ কৱলত কলিয়াবৰৰ শিলঘাট

কলিয়াবৰ,23 মে': কলিয়াবৰত অব্যাহত আছে লুইতৰ কালৰূপ ৷ লুইতৰ গৰা খহনীয়াৰ কৱলত পৰিছে কলিয়াবৰ শিলঘাটৰ লুইতপৰীয়া অঞ্চল ৷ বিগত প্ৰায় দহ বছৰ ধৰি শিলঘাটৰ ৰবৰ-বাৰি অঞ্চলত চপৰা-চপৰে খহি আহিছে লুইতৰ পাৰ ৷ যাৰ ফলত শংকিত হৈ পৰিছে ৰবৰ-বাৰীৰ বিস্তৃৰ্ণ অঞ্চলৰ হাজাৰ পৰিয়াল ৷ ইতিমধ্যে লুইতৰ বুকুত জাহ গৈছে অঞ্চলটোৰ হাজাৰ হাজাৰ কৃষিভূমি ৷ যাৰ ফলত একপ্ৰকাৰ গৃহহাৰা হৈছে বহু পৰিয়াল ৷

বিগত তিনি-চাৰিদিন ধৰি আকৌ অধিক ভয়াবহভাৱে খহনীয়াই গ্ৰাস কৰিছে শিলঘাট অশোকাষ্টমী মেলা পথাৰৰ কেইবাবিঘা ভূমি । শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ সমীপৰ লোকনিৰ্মাণ বিভাগৰ পথৰ পৰা মাত্ৰ এশ মিটাৰ দূৰত্বত সৃষ্টি হোৱা খহনীয়াই শংকিত কৰিছে স্থানীয় ৰাইজক। সেয়েহে বাৰিষা অহাৰ আগতে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰ তথা স্থানীয় বিধায়কক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

শিলঘাটত চপৰা চপৰে খহিছে লুইতৰ গৰা

লগতে পঢ়ক: প্ৰকৃতি সংৰক্ষণ কৰক, উজানত উঠা মাছ নামাৰিব: বকুল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.