ETV Bharat / state

Encounter: আৰক্ষীৰ গুলীচালনাত নিহত দুৰ্ধৰ্ষ ডকাইত

author img

By

Published : Aug 8, 2021, 1:41 PM IST

শনিবাৰে নিশা চামগুৰিৰ খাটোৱালত আৰক্ষী(Police) আৰু ডকাইতৰ(Dacoit) মাজত ভয়াৱহ গুলীয়াগুলিৰ(Encounter) ঘটনা ৷ উক্ত গুলীয়াগুলিত দুগৰাকীকৈ আৰক্ষী আহত হোৱাৰ বিপৰীতে নিহত হয় এটা দুৰ্ধৰ্ষ ডকাইত ৷ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক হোৱা ডকাইতটোৱে চোকা অস্ত্ৰৰে ভাৰপ্ৰাপ্ত বিষয়াক আক্ৰমণ কৰাৰ পাচতে ডকাইতটোৰ ওপৰত গুলীচালনা কৰে আৰক্ষীয়ে ৷

encounter between police and dacoit at samaguri
চামগুৰিত এনকাউণ্টাৰ

নগাঁও, 8 আগষ্ট : চামগুৰিৰ খাটোৱালত শনিবাৰে নিশা আৰক্ষী (Police) আৰু ডকাইত (Dacoit)ৰ মাজত সংঘটিত হৈছে এক ভয়াৱহ সংঘৰ্ষ ৷ আৰক্ষী আৰু ডকাইতৰ মাজত সংঘটিত হোৱা ভয়াৱহ গুলীচালনা (Encounter)ত দুগৰাকীকৈ আৰক্ষী আহত হোৱাৰ লগতে এটা দুৰ্ধৰ্ষ ডকাইত নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

চামগুৰিত এনকাউণ্টাৰ

আৰক্ষীৰ গুলিত নিহত হয় ড্ৰাগছ ব্যৱসায়ৰ লগতে ডকাইতি কাণ্ডত জড়িত খাইৰুল ইছলাম নামৰ লোকজন । খাটোৱালৰ গেৰুৱামুখত আৰক্ষীয়ে চলাইছিল এই ব্যাপক ড্ৰাগছ বিৰোধী অভিযান । অভিযানৰ মাজতে খাটোৱাল আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অলক গুপ্তাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল খাইৰুলে ।

লগতে পঢ়ক : হোজাই আৰক্ষী জালত ড্ৰাগছ সৰবৰাহকাৰী

আত্মৰক্ষাৰ বাবে আৰক্ষীৰ দলটোৱে খাইৰুলৰ ওপৰত গুলীচালনা কৰে । গুলিবিদ্ধ হৈ নিহত হয় ডকাইতটো । আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় খাটোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসহ আৰক্ষীৰ গাড়ী চালকো ।

আহত ভাৰপ্ৰাপ্ত বিষয়া অলক দত্ত গুপ্তাসহ গাড়ী চালক উৎপল বৰুৱাক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় নগাঁও অসামৰিক চিকিৎসালয় (Nagaon Civil Hospital)ত । বৰ্তমান নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত আৰক্ষী বিষয়া আৰু গাড়ী চালকজন ৷

লগতে পঢ়ক : যুৱকৰ কামনাৰ বলি 14 বছৰীয়া কিশোৰী

উল্লেখ্য যে, বৰ্তমানেও শাম কটা নাই ৰাজ্যত ড্ৰাগছ ব্যৱসায় ৷ বিশেষকৈ নগাঁও জিলাত চলা এই ড্ৰাগছ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ জিলাখনত কঠোৰ হাতেৰে অপৰাধ নিৰ্মূলৰ সংকল্প লৈছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (Anand Mishra)ই । এতিয়াও এই ড্ৰাগছ কিম্বা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান চলাই আছে আৰক্ষী-প্ৰশাসনে ৷

লগতে পঢ়ক : ড্ৰাগছ বিক্ৰী কৰি আৰক্ষীৰ জালত স্বামী-স্ত্রী আৰু খুলশালী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.