ETV Bharat / state

চৰকাৰৰ বিৰুদ্ধে অধিক সোচ্চাৰ আদিবাসী ছাত্ৰ সন্থা

author img

By

Published : Sep 11, 2020, 8:07 AM IST

Updated : Sep 11, 2020, 9:50 AM IST

বিভিন্ন সমস্যা সমাধানৰ দাবীৰে কলিয়াবৰৰ মিলন সংঘত সংবাদ মেলৰ আয়োজন আদিবাসী ছাত্ৰ সন্থাৰ ৷ দীৰ্ঘদিনৰ পৰা জনাই অহা দাবীসমুহ শীঘ্ৰে পুৰণৰ বাবে চৰকাৰক আহ্বান জনায় সংগঠনটোৰ নেতা সকলে ৷

চৰকাৰৰ বিৰুদ্ধে অধিক সোচ্চাৰ আদিবাসী ছাত্ৰ সন্থা
Emergency press meet by AASA against BJP

কলিয়াবৰ, 11 ছেপ্তেম্বৰ: শাসনাধিষ্ঠ বিজেপি চৰকাৰে আদিবাসী লোকসকলক বিভিন্ন সময়ত প্ৰতাৰণা কৰাৰ অভিযোগ তুলি কলিয়াবৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ "আছা" ৷ বৃহস্পতিবাৰে বিভিন্ন সমস্যা সমাধানৰ দাবীৰে কলিয়াবৰৰ মিলন সংঘত এক সংবাদ মেলৰ আয়োজন কৰে আদিবাসী ছাত্ৰ সংগঠনটোৱে ৷

চৰকাৰৰ বিৰুদ্ধে অধিক সোচ্চাৰ আদিবাসী ছাত্ৰ সন্থা

সংবাদমেলৰ জৰিয়তে দীৰ্ঘদিনৰ পৰা সংগঠনটোৱে জনাই অহা দাবীসমুহ শীঘ্ৰে পুৰণৰ বাবে চৰকাৰক আহ্বান জনায় সংগঠনটোৱে ৷ অন্যথা ইয়াৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ছাত্ৰ সংগঠনটোৰ ৷ আদিবাসী লোক সকলক মাটিৰ পট্টাৰ সুৰক্ষাৰ লগতে সাংবিধানিক সুৰক্ষা কৱচ প্ৰদানৰ দাবীয়ো উত্থাপন কৰিলে সংবাদমেলত উপস্থিত বিষয়ববীয়া সকলে ৷

উল্লেখ্য যে, বৃহস্পতিবাৰৰ এই সংবাদমেলৰ পূৰ্বে জৰুৰী ভাৱে কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহক সভাত মিলিত হয় ছাত্ৰ সংগঠনটো বিষয়ববীয়া সকল ৷ বৈঠকৰ পাছতে এক সংবাদমেলৰ জড়িয়তে বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে অদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সম্পাদক প্ৰদীপ নাগ ৷

সংগঠনটোৰ দাবী সমুহ শীঘ্ৰে পুৰণ নকৰিলে 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত উচিত শিক্ষা দিয়া হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে সংগঠনটোৰ নেতা সকলে ৷

লগতে পঢ়কঃ ‘কা’ আৰু EIA 2020 বাতিলৰ দাবীত টিংখাঙত জোঁৰ সমদল

Last Updated : Sep 11, 2020, 9:50 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.