নগাঁও, 28 জানুৱাৰী : ATTENTION মন্ত্ৰী পীযুষ হাজৰীকা ৷ আপুনি বাৰু জ্ঞাত নে কি চলি আছে নগাঁও জলসম্পদ বিভাগত (Scam in Nagaon Water resources department)? অভিযোগ অনুসৰি, নগাঁৱৰ লাওখোৱা বগামুখৰ এটা মথাউৰি নিৰ্মাণত চলিছে ব্যাপক অনিয়ম ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷
দীর্ঘদিন ধৰি বান গৰাখহনীয়াৰ সৈতে সহাৱস্থান কৰি অহা লাওখোৱাৰ বগামুখবাসীৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ জলসম্পদ বিভাগে (Water resources department scam in Nagaon) । বগামুখ বুঢ়াচাপৰি সংযোগী এটা অৰ্ধভগ্ন মথাউৰি নিৰ্মাণৰ বাবে জলসম্পদ বিভাগে এছ অ' পি ডি শিতানৰ অধীনত আবন্টন দিছে প্ৰায় তিনি কোটি টকা ।
টকা আবন্টন ঠিকেই দিছে । বিভাগীয় নিয়ম অনুযায়ীয়েই ভগ্ন মথাউৰিটো নিৰ্মাণৰ ঠিকাৰ দায়িত্ব প্ৰদান কৰা হৈছে এটা প্ৰতিষ্ঠানক । মথাউৰি নিৰ্মাণ কাৰ্যও চলি আছে, কিন্তু কামৰ নমুনা দেখিয়ে হতভম্ব হৈছে অঞ্চলবাসী ৷ নগাঁও জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰ ৰহস্যজনক ভূমিকাৰ সুযোগ লৈয়েই বালিৰেই চলাইছে মথাউৰি নিৰ্মাণৰ কাম ।
নগাঁও জলসম্পদ বিভাগে যেন এইসমূহ হাবি জংঘল আৰু বালিৰেই সুৰক্ষিত কৰি ৰাখিব দীর্ঘদিন ধৰি বান গৰাখহনীয়াৰ কৱলত পৰি ককবকাই থকা বগামুখবাসীক । বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱতা আৰু ঠিকাদাৰৰ এনে মইমতালিৰ বিৰুদ্ধে শেহতীয়াকৈ জাঙুৰ খাই উঠিছে স্থানীয় লোক ।
লগতে পঢ়ক : Major reshuffle in Assam administration : ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল
এফালে মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিচৰে পৰা বিভাগটো সংস্কাৰৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ, আনফালে বিভাগটোৰ একাংশ বিষয়া-ঠিকাদাৰে অব্যাহত ৰাখিছে দুৰ্নীতি-অনিয়ম । লাওখোৱাৰ বগামুখৰ এই মথাউৰি নিৰ্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰজনে বিভাগীয় প্ৰাককলন উলংঘা কৰি বালি মাটিৰে অতি নিম্নমানৰ মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ বালিৰে মথাউৰি নিৰ্মাণ কৰা কাৰ্যৰ এক তদন্তৰো দাবী কৰিছে স্থানীয় লোকে ।
কেৱল এয়াই নহয়, ভূৰবন্ধা চৌহান বস্তি প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰেদি ট্ৰেক্টৰৰে অতপালি কৰি মাটি কঢ়িওৱাৰ ফলতেই সৃষ্টি হৈছে ধূলিময় পৰিৱেশৰ । আনকি মথাউৰি নিৰ্মাণৰ বাবে বালি কঢ়িওৱা ট্ৰেক্টৰৰ অতপালিত বিনষ্ট হৈছে বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ ।
দুৰ্নীতিৰ বিৰুদ্ধে কেমেৰাৰ সন্মুখত সৰৱ হৈ থকা মন্ত্ৰী পীযুষ হাজৰিকাই লাওখোৱাৰ বগামুখৰ মথাউৰি নিৰ্মাণৰ নামত সংঘটিত দুৰ্নীতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় ।
লগতে পঢ়ক : Ranganadi embankment: খৰালিতে মথাউৰি নিৰ্মাণ নকৰিলে লখিমপুৰলৈ আহিব পাৰে ভয়ানক বিপদ