ETV Bharat / state

চামগুৰিৰ বৰালিগাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ

author img

By

Published : Dec 18, 2020, 10:28 AM IST

বনৰীয়া হাতীৰ সন্ত্ৰাসে নিন্দ্ৰা হৰণ কৰিছে চামগুৰিবাসীৰ ৷ বেলি ডুবাৰ পিছতেই বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰে চামগুৰিৰ বৰালিগাঁওত ৷ নিশা গাঁওখনৰ ৰাম দাস নামৰ লোক জনৰ বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে বনৰীয়া হাতীৰ জাকে ৷

elephant terror at nagaon
চামগুৰিৰ বৰালিগাঁৱত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ

চামগুৰি, 18 ডিচেম্বৰ: নগাঁও জিলাৰ চামগুৰিৰ বিভিন্ন অঞ্চলত দীৰ্ঘ দিন ধৰি বনৰীয়া হাতীয়ে চলাই আছে উপদ্ৰৱ । নিশা হ'লেই চামগুৰিৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আহিছে বনৰীয়া হাতীৰ জাকে ৷ একাংশ লোকে বননি ধ্বংস কৰাৰ ফলতেই খাদ্যৰ সন্ধানত জনৱসতিপূৰ্ণ অঞ্চললৈ ওলাই আহিবলৈ বাধ্য হৈছে বনৰীয়া হাতীৰ জাক ৷ বেলি ডুবাৰ পিছতেই আৰম্ভ হয় বনৰীয়া হাতীৰ সন্ত্ৰাস । বনৰীয়া হাতীৰ উপদ্ৰৱক লৈ এতিয়া সংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

বৃহস্পতিবাৰে খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাকে প্ৰৱেশ কৰে চামগুৰিৰ বৰালিগাঁওত ৷ ৰাম দাস নামৰ লোক জনৰ ঘৰত প্ৰৱেশ কৰি বাসগৃহটো ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে বিচনাত শুই থাকোতেই হাতীয়ে শুৰেৰে দাঙি দিয়ে বিচনা ৷ কোনো মতেহে প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ তিনিজনকৈ লোকৰ ৷ মুঠতে বনৰীয়া হাতীৰ সন্ত্ৰাসে নিন্দ্ৰা হৰণ কৰিছে চামগুৰিবাসী ৰাইজৰ ৷

লগতে পঢ়ক: নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত শিল-বালিৰ সৰবৰাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.