বঢ়মপুৰ,11ডিচেম্বৰ : বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ লগে লগে এতিয়া তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ৷ নৃত্য গীতেৰে তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ দল ৷ মধ্য অসমৰ কঠিয়াতলীৰ ৩০ নং লালুংগাঁও আৰু ৩১ নং লালুংপাৰ তিৱা স্বায়ত্ব পৰিষদৰ দুটাকৈ সমষ্টিত কংগ্ৰেছৰ নামি দামী নেতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ ন কংগ্ৰেছী তথা কণ্ঠ শিল্পী বাবু বৰুৱাৰ লগতে অজয় ফুকন আৰু টানা দেৱৰাজৰ গীতৰে ৰিপুন বৰাৰ প্ৰচাৰ ৷
শুকুৰবাৰে সমষ্টি দুটাৰ জুমৰমুৰ,বৰকছাৰী গাঁও, কঠিয়াতলী, বৰহোলা আৰু বুকলুঙত পাঁচখনকৈ নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ গীত গাই ডেকা-বুঢ়া সকলোকে নচুৱাই তিৱা পৰিষদীয় সমষ্টি ৰঞ্জিত বসুমতাৰী আৰু শুক্লেশ্বৰী বৰদলৈৰ হৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভোট বিচাৰে ৰিপুন বৰাই ৷
ইপিনে ৰাজ্য চৰকাৰে প্ৰদান কৰা ৮৩০ টকীয়া অৰুণোদয় আঁচনিয়ে মহিলা সকলক অপমানহে কৰিছে বুলি মন্তব্য কৰাৰ লগতে বিজেপি দলৰ আঁচনি সমূহক ক্ষূৰধাৰ সমালোচনা কৰে ৰিপুন বৰাই ৷ আনহাতে তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনত ৩৬ খন আসন কংগ্ৰেছ দলে লাভ কৰিব বুলি মন্তব্য কৰে ৰিপুন বৰাই ৷ ইফালে প্ৰফুল্ল কুমাৰ মহন্তৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই আগন্তক বিধান সভা নিৰ্বাচনত অগপ নিশেষ হ’ব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷
লগতে পঢ়কঃ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডাঃ অজন্তা হাজৰিকাৰ স্বামীক আটক