ETV Bharat / state

আঙুৰলতাৰ সমষ্টিত বাজিল কংগ্ৰেছৰ ৰণশিঙা

author img

By

Published : Nov 18, 2020, 4:30 PM IST

Updated : Nov 18, 2020, 5:49 PM IST

বটদ্ৰৱাৰ বিজেপি বিধায়িকা আঙুৰলতাৰ সমষ্টিত বুধবাৰে নিৰ্বাচনী ৰণশিঙা বজালে কংগ্ৰেছে । উক্ত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপি এতিয়া ডুবু ডুবু নাওঁ বুলি কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে । বিজেপিৰ দিনতে পৰীক্ষাৰ ছিণ্ডিকেট চলা বুলি দলটোক কঠোৰ সমালোচনা কৰে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে ৷

Election campaign of Congress in batadrava nagaon assam etv bharat news
আঙুৰলতাৰ সমষ্টিত বাজিল কংগ্ৰেছৰ ৰণশিঙা

নগাঁও,18 নৱেম্বৰ: শেহতীয়াকৈ ৰাজ্যত ক্ৰমাৎ গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ বিজেপি বিধায়িকা আঙুৰলতা ডেকাই প্ৰতিনিধিত্ব কৰা বটদ্ৰৱা সমষ্টিত বুধবাৰে নিৰ্বাচনী ৰণশিঙা বজালে বিৰোধী দল কংগ্ৰেছে ৷ সমষ্টিটোৰ ৰাইদঙীয়াত আয়োজিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি শাসকীয় দল বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সাংসদ গৌৰৱ গগৈ ৷ সভাখনৰ জৰিয়তে নাম নোকোৱাকৈ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত মুখৰ হৈ পৰে একালৰ মন্ত্ৰীগৰাকীৰ সতীৰ্থ তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইন ৷

বিজেপি এতিয়া ডুবু ডুবু নাওঁ: ৰকিবুল হুছেইন

তদুপৰি বিজেপি এতিয়া ডুবু ডুবু নাওঁ বুলি কটাক্ষ কৰি বিজেপিত ৰকিবুল হুছেইনে যোগদান কৰিব বুলি প্ৰকাশ পোৱা খবৰ উৰা বাতৰি বুলি মন্তব্য কৰে হুছেইনে ৷ লগতে হুছেইনক সমালোচনা কৰা মাৰ্ঘেৰিটা নামৰ এগৰাকী লোকে কিছুদিন পূৰ্বলৈকে ৰকিবুল হুছেইনৰ ঘৰৰ বাৰান্দাত বহি থকা বুলি কটাক্ষ কৰে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদিকা শিবামণি বৰা উপস্থিত থকা সভাখনত অংশগ্ৰহণ কৰি কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কটাক্ষ কৰে বিজেপিক ৷ তদুপৰি বিজেপি চৰকাৰৰ দিনতে অসমত পৰীক্ষাৰ ছিণ্ডিকেট চলি থকা বুলি বিস্ফোৰক মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

বিজেপিৰ দিনতে চলিছে পৰীক্ষাৰ ছিণ্ডিকেট: গৌৰৱ গগৈ

লগতে চাওকঃ বজালীৰ কেন্দুগুৰিত ভয়াৱহ পথ দুৰ্ঘটনা

Last Updated : Nov 18, 2020, 5:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.