ETV Bharat / state

নগাঁৱত যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ AJYCP ৰ - দাহ কৰিলে যোগানমন্ত্ৰী ফণীভুষণ চৌধুৰীৰ পুত্তলিকা

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে নগাঁৱত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ। দাহ কৰিলে যোগানমন্ত্ৰী ফণীভুষণ চৌধুৰীৰ পুত্তলিকা ।

Effigy burnt of Supply minister
নগাঁৱত যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ AJYCP ৰ
author img

By

Published : Nov 5, 2020, 8:28 PM IST

নগাঁও, 5 নৱেম্বৰ : আলু, পিয়াঁজকে ধৰি পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণক । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।

বৃহস্পতিবাৰে সংগঠনটোৰ নগাঁও নগৰ সমিতিয়ে মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও চহৰৰ মাজমজিয়াৰে যোৱা মূলপথৰ ওপৰৰ নতুন বজাৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

আকাশলংঘী মূল্যবৃদ্ধিৰ পাচতো ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি যোগানমন্ত্ৰী ফণীভুষণ চৌধুৰীৰ পুত্তলিকা দাহ কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিয়ে ।

লগতে পঢ়ক : সুধাকণ্ঠক দীঘলীপুখুৰীৰ পাৰত শ্ৰদ্ধাঞ্জলি সদৌ অসম ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.