বঢ়মপুৰ, 24 অক্টোবৰঃ আজি মহাঅষ্টমী ৷ কিন্তু বানে গৰকা কামপুৰত নাই পূজাৰ উচাহ ৷ কেৱল পৰম্পৰা ৰক্ষা কৰিয়েই কামপুৰত অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হৈছে দূৰ্গা পূজা ৷ এফালে ক’ভিডৰ সংহাৰ আনফালে বানৰ ভয়াৱহতা ৷ লগতে দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবেও এইবাৰ ম্লান পৰিল পূজাস্থলীৰ আনন্দ ৷
উল্লেখ্য যে, এইবাৰ পূজাস্থলীত পূৰ্বৰ দৰে নাই কোনো দোকান পোহাৰ, নাই জাকজমকতা ৷ দেৱী প্ৰতিমাৰ বিপৰীতে বহু পূজা মণ্ডপত এইবাৰ অনুষ্ঠিত কৰিছে ঘট পূজা ৷
লগতে পঢ়কঃ ক’ভিডে স্থগিত কৰিলে শিৱসাগৰৰ দেৱী দ'লৰ ঐতিহাসিক পৰম্পৰা