ETV Bharat / state

Durga puja 2023: দুৰ্গা পূজাত যাওক কেদাৰনাথ মন্দিৰ দৰ্শনলৈ

author img

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 3:11 PM IST

এইবাৰ দুৰ্গা পূজাত অসমবাসীয়ে ভ্ৰমণ কৰিব পাৰিব ভাৰতৰ বিভিন্ন প্ৰসিদ্ধ স্থান ৷ লগতে স্বচক্ষে সাক্ষী হ’ব পাৰিব চন্দ্ৰযান-3 দৰে ভাৰতৰ গৌৰৱোজ্জল সফল অভিযানৰ ৷ অনুমান কৰিব পাৰিছে নিশ্চয় আপোনালোকে ৷ বাতৰিটো আগলৈ পঢ়ক -

durga puja 2023
দুৰ্গা পূজাৰ প্ৰস্তুতি
দুৰ্গা পূজাৰ প্ৰস্তুতি

ৰহা, 19 অক্টোবৰ : ভাৰতস্থিত কেদাৰনাথ মন্দিৰৰ কথা নিশ্চয় সকলোৱে শুনিছে । সুউচ্চ পৰ্বতৰ মাজত অৱস্থিত কেদাৰনাথ মন্দিৰ দৰ্শনৰ বাবে দিনে অগণন ভক্তৰ সমাগম হয় ৷ ভক্তৰ বাবে বিশ্বাসৰ অইন এটা নাম কেদাৰনাথ মন্দিৰ ৷ কিন্তু এই কেদাৰনাথ মন্দিৰ দৰ্শন কৰিবলৈ আপুনি কৰিব লাগিব যথেষ্ঠ কষ্ট । বৰফৰ মাজেৰে সুউচ্চ পৰ্বতমালাক অতিক্ৰম কৰি মাইলৰ পাচত মাইল খোজ কাঢ়ি গৈহে দৰ্শনৰ সৌভাগ্য ঘটে বাবা কেদাৰনাথৰ । পিছে এই বছৰ দুৰ্গা পূজাই আপোনালোকৰ বাবে লৈ আহিছে আনন্দৰ বতৰা ৷ কেদাৰনাথলৈ নগৈয়ো ল’ব পাৰিব কেদাৰনাথ মন্দিৰৰ অনুভৱ ৷ প্ৰকৃতাৰ্থত কেদাৰনাথ মন্দিৰ দৰ্শনৰ অনুভৱ নহ’লেও অন্ততঃ পাব তাৰেই কিছু আভাস ৷

হয়, ৰাজ্যৰ চৌদিশে শাৰদীয় দূৰ্গোৎসৱৰ পাৰভঙা ব্যস্ততা । বিভিন্ন ঠাইত নানা আকৃতিৰ পূজা মণ্ডপ তৈয়াৰ কৰা হৈছে । বিভিন্ন থীম লৈ নিৰ্মাণ কৰা হৈছে পূজাৰ মণ্ডপ ৷ সেইদৰে নগাঁও জিলাৰ ৰহাত নিৰ্মাণ হৈছে সুউচ্চ বাবা কেদাৰনাথ মন্দিৰৰ আৰ্হিত দুৰ্গা পূজাৰ মণ্ডপ । চলিত বৰ্ষত ৰূপালী জয়ন্তী বৰ্ষত উপনীত হোৱা ৰহা পুৰণা চাৰিআলি দুৰ্গাপূজা উদযাপন সমিতিয়ে ১৪ লাখ টকাৰ বৃহৎ বাজেটেৰে ভক্তপ্ৰাণ ৰাইজৰ বাবে তৈয়াৰ কৰিছে বাবা কেদাৰনাথ মন্দিৰ আৰ্হিৰে পূজা মণ্ডপ । প্ৰায় এশফুট উচ্চতাত স্থাপন কৰা হ’ব বাবা কেদাৰনাথ মন্দিৰ । সুৰংগৰ মাজেৰে ওপৰলৈ উঠি বাবা কেদাৰনাথক দৰ্শন কৰি পুনৰ তললৈ নামি আহি দৰ্শন কৰিব পাৰিব মা দুৰ্গাক ।

প্ৰায় এমাহ ধৰি পশ্চিম বংগৰ পৰা অহা ভাস্কৰ্য শিল্পী দিনে নিশাই ব্যস্ত হৈ আছে বাবা কেদাৰনাথ মন্দিৰক সম্পূৰ্ণ কৰাত । কাৰ্যসূচী অনুসৰি সপ্তমী, অষ্টমী, নৱমীত নামতি দলৰ নাম-প্ৰসংগৰ লগতে দশমীৰ নিশা আছে জনপ্ৰিয় কন্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠাত । ইয়াৰ লগতে ৰহাৰ অন্যতম ৩৬ বৰ্ষত উপনীত হোৱা জ্যোতি সংঘ দুৰ্গাপূজা উদযাপন সমিতিয়েও দৰ্শকক আকৰ্ষণৰ বাবে তৈয়াৰ কৰিছে এক আকৰ্ষণীয় মণ্ডপ । ভগৱানৰ শংখ, চক্ৰ, গদা, পদ্মৰ চানেকীৰে থলুৱা সামগ্ৰীৰে সজাই তুলিছে পূজা মণ্ডপ । প্ৰখ্যাত ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ তত্বাৱধানত এমাহ ধৰি থলুৱা শিল্পীসকলে নিৰ্মাণ কৰিছে মণ্ডপটো আৰু ইয়াৰ বাজেট প্ৰায় ছয়লাখ টকা । শেহতীয়াকৈ ৰহা পুৰণা চাৰিআলি আৰু ৰহা জ্যোতি সংঘৰ এনে ব্যতিক্ৰমী দুৰ্গা পূজাৰ মণ্ডপ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।

লগতে পঢ়ক : Kharupetia Durga Puja: এইবাৰ চন্দ্ৰযান ৩ ৰে মৰ্ত্যলৈ নামি আহিব দেৱী দুৰ্গা

Durga puja2023: দেৱী দুৰ্গা এইবাৰ যাত্ৰী হ’ব চন্দ্ৰযান-৩ ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.