চামগুৰি, ৮ জুলাই : সমগ্ৰ ৰাজ্যতে ড্ৰাগছ(Drugs)ৰ ক'লা বেহাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে । আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত নগাঁও জিলাৰ বিভিন্ন স্থানতো আৰক্ষীয়ে অভিযান চলাই আছে । চামগুৰিৰ কাৱৈমাৰী বজাৰত অভিযান চলাই আৰক্ষীয়ে আটক কৰিছে দুটা ড্ৰাগছ ব্যৱসায়ী । ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা আয়ুব আলী আৰু ৰচিদুল হক ।
দুয়োৰে ঘৰ চামগুৰিৰ বৰমাবিলত । এই অভিযানত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা হেৰ'ইন(Heroin) ভৰ্তি ৯ টা কণ্টেইনাৰ জব্দ কৰে । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে অভিযান চলাইছিল । নিচাজাতীয় দ্ৰব্য জব্দ হোৱাৰ পাছতে আৰক্ষীয়ে আন এগৰাকী মহিলাকো সোধা-পোছাৰ বাবে আটক কৰে ।
ইতিমধ্যে অধিক তথ্যৰ বাবে তিনিওগৰাকীৰে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনহাতে, মঙলবাৰে নিশা জিলাখনৰ গুণাবাৰীৰ পুঠিখাইটিতো আৰক্ষীয়ে অভিযান চলাই দুটা ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে । ধৃত সৰবৰাহকাৰী দুটা তজমল ইছমাল আৰু আজাদ আলী ।
এই অভিযান কালত আৰক্ষীয়ে ১,১১০ টা নিচাজাতীয় কেপচুল, ১,৪৪০ টা নিচাজাতীয় টেবলেট আৰু ৯০টা নিচাজাতীয় কফ চিৰাপৰ বটল জব্দ কৰে । মঙলবাৰে ধিঙৰ মৈৰাবাৰীত আৰক্ষীয়ে অভিযান চলাই ব্ৰাউন চুগাৰ ভৰ্তি ১০০টা কণ্টেইনাৰ, ১৪৯.৭৬ গ্ৰাম ড্ৰাগছ জব্দ কৰে । লগতে নগদ ৫ লাখ ৫৪ হাজাৰ টকা জব্দ কৰে অভিযানকাৰী দলটোৱে । ড্ৰাগছ সৰবৰাহত ব্যৱহৃত দুখন বিলাসী বাহনো আৰক্ষীয়ে জব্দ কৰে ৷
এই অভিযান কালত আৰক্ষীয়ে মহিলাসহ ৬ টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ যোৱা মাহতো জিলাখনৰ বিভিন্ন স্থানৰ পৰা প্ৰাণনাশী ড্ৰাগছ জব্দ কৰিছে আৰক্ষীয়ে আৰু লগতে ড্ৰাগছ(Drugs)ৰ ক'লা বেহাৰে জড়িত লোকো আৰক্ষীৰ জালত পৰিছে । মাৰাত্মক ড্ৰাগছ বিক্ৰী কৰি কম সময়তে লক্ষাধিক টকাৰ উপাৰ্জন কৰাৰ সপোন দেখা বহু সৰবৰাহকাৰীয়ে এতিয়া ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে এতিয়া অসম ড্ৰাগছমুক্ত কৰাৰ অভিযানত নামি পৰিছে আৰক্ষী ।
লগতে পঢ়ক: মোডী মন্ত্ৰীসভাৰ জাহাজ, পৰিবহণৰ দায়িত্বত সৰ্বানন্দ সোণোৱাল