ETV Bharat / state

নগাঁৱৰ সীমান্তৱৰ্তী হায়াংথলত নিচাযুক্ত দ্ৰব্যসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jun 4, 2021, 10:35 AM IST

নগাঁও জিলাৰ সীমান্তৱৰ্তী হায়াংথলত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে মহিলাসহ তিনি সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে । এক গোপন সূত্ৰৰ ভিত্তিত পুৰণিগুদাম আৰক্ষীয়ে চলাইছিল এই অভিযান ৷

Drugs_Paddlerarrest at nagaon
নগাঁৱৰ সীমান্তৱৰ্তী হায়াংথলত নিচাযুক্ত দ্ৰব্যসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

চামগুৰি, 4 জুন : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চল হায়াংথলত বৃহস্পতিবাৰে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ এই অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰাৰ লগতে মহিলা সহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

জানিব পৰা মতে, চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদাম আৰক্ষী পহৰা চকীৰ এলেকাধিন অঞ্চলটোত দীৰ্ঘ দিন ধৰি চলি আছিল ড্ৰাগছৰ এক ৰমৰমীয়া বেহা । সেয়ে, এক গোপন সূত্ৰৰ ভিত্তিত পুৰণিগুদাম আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰদাউ গয়াৰীৰ নেতৃত্বত এটা অভিযানকাৰী আৰক্ষী দলে হায়াংথলত অভিযান চলায় ৷

উল্লেখ্য যে, উক্ত অভিযানত ৪,৬০৮ টা নিচাযুক্ত কেপচুল আৰু ৭০০ টা নিচাযুক্ত চিৰাপৰ বটল জব্দ কৰে আৰক্ষীয়ে ৷ অভিযানত হায়াংথলৰ পৰা নিচাযুক্ত দ্ৰব্য সহ অতুল কোঁৱৰ, ঋতু বৰা আৰু প্ৰতিমা বৰা নামৰ তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ জালত পৰা অসাধু চক্ৰটোক সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ সন্ধানত জেৰা অব্যাহত ৰাখিছে বুলি জানিব দিছে ।

লগতে পঢ়ক : নামতোলাত আৰক্ষীৰ জালত ড্ৰাগছ সহ তিনি যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.