ধিং, 2 জুলাই : ৰাজ্যত অব্যাহত ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান (Operation against drugs) ৷ এই অভিযানত বিভিন্ন সময়ত অসম আৰক্ষীৰ জালত পৰিছে বহু ড্ৰাগছ ব্যৱসায়ী ৷ লগতে জব্দ হৈছে বহু পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰীও ৷
এইবাৰ মৈৰাবাৰী আৰক্ষীৰ জালত পৰিছে মহিলাসহ পাঁচ ড্ৰাগছ ব্যৱসায়ী (Drugs paddler arrested with drugs at Moirabari)। এক গোপন তথ্যৰ ভিত্তিত মৰিগাঁও আৰক্ষী অধীক্ষকৰ চোৰাংচোৱাই মৈৰাবাৰীত চলাই এক অভিযান ৷ এই অভিযানতে ছয় ড্ৰাগছ সৰবৰাহকাৰীৰ লগতে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
আৰক্ষীৰ এক সূত্ৰই উল্লেখ কৰা অনুসৰি, মৈৰাবাৰী থানাৰ অন্তৰ্গত 9 নং ৱাৰ্ডৰ আজাদ নগৰৰ পৰা আটক হৈছে ড্ৰাগছ সৰবৰাহকাৰীকেইটা ৷ আটকাধীন কেইটা ক্ৰমে দলৈগাঁৱৰ নাজিৰুল ইছলাম, শগুণবাহি গাঁৱৰ আজহাৰুল ইছলাম ওৰফে ৰাজা মণি, মৈৰাবাৰীৰ মহম্মদ জাবিৰ, তাঁতীকটা গাঁৱৰ ছাইফুদ্দিন আৰু মৈৰাবাৰীৰ ফাটেমা বেগম ।
আটকাধীন কেইটাৰ পৰা আৰক্ষীয়ে চাৰিটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচ আৰু চব্বিশটা ড্ৰাগছ ভৰ্তি কেণ্টেইনাৰ জব্দ কৰে । বাতৰি যুগুত কৰা পৰলৈকে ড্ৰাগছ ব্যৱসায়ী কেইটাক মৈৰাবাৰী আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : মহানগৰীত জব্দ বৃহৎ পৰিমাণৰ সোণ: সষ্টম মহানগৰ আৰক্ষী