ETV Bharat / state

পিস্তলসহ আটক কুখ্যাৎ ড্ৰাগছ মাফিয়া চিৰাজুল ইছলাম !

author img

By

Published : Apr 30, 2020, 10:58 AM IST

নগাঁও আৰু ধিং আৰক্ষীৰ সফল অভিযানত আটক ড্ৰাগছ সৰবৰাহকাৰী চিৰাজুল ইছলাম । ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা উদ্ধাৰ হস্তনিৰ্মিত পিষ্টল,গুলী, নগদ ধন আৰু ম'বাইল হেণ্ডচেট ।

DRUGS PADDLER ARRESTED IN DHING
DRUGS PADDLER ARRESTED IN DHING

বটদ্ৰৱা, 30 এপ্ৰিল : দীৰ্ঘদিন ধৰি গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৰ ভিন্ন অঞ্চলত ড্ৰাগছ আৰু জুৱাৰ অবাধ বেহা চলাই আহিছিল চিৰাজুল ইছলাম নামৰ এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীয়ে । বুধবাৰে নিশা ধিঙৰ ধূপগুৰীত হস্তনিৰ্মিত পিষ্টলসহ আটক হয় কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী চিৰাজুল ইছলাম ।

নগাঁও আৰু ধিং আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ হয় এটা হস্তনিৰ্মিত পিষ্টল, দুই জাঁই সজীৱ গুলী, দুহাজাৰ টকা , এটিএম কাৰ্ড, নথি-পত্র আৰু এটা ম'বাইল হেণ্ডচেট ।

পিস্তলসহ আটক কুখ্যাৎ ড্ৰাগছ মাফিয়া চিৰাজুল ইছলাম !

উল্লেখ্য যে, বটদ্ৰৱা কদমনি গাঁৱৰ চিৰাজুল ইছলামে দীৰ্ঘ দিন ধৰি ধিং ,বটদ্ৰৱাৰ বিভিন্ন অঞ্চলত মাৰাত্মক ড্ৰাগছৰ অবাধ বেহাৰ লগতে অসামাজিক কাৰ্যকলাপ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে । অঞ্চলটোত চলি থকা ড্ৰাগছ সৰবৰাহৰ ফলত একাংশ নৱ প্ৰজন্মৰ জীৱন ধ্বংসৰ গৰাহত পৰিছে । এই বিষয়ে ৰাইজে বাৰম্বাৰ অভিযোগ উত্থাপন কৰিছিল আৰক্ষীক । অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ মাফিয়া চিৰাজুল ইছলামক ।

লগতে পঢ়ক : মাজুলীত আৱদ্ধ যাত্ৰীক উদ্ধাৰকাৰ্যত ব্ৰতী IWT জাহাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.