নগাঁও, 1 ছেপ্তেম্বৰ : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা ৷ আৰক্ষী প্ৰশাসনে সময়ে সময়ে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও বৰ্তমানেও ৰাজ্যত অব্যাহত আছে মদ আৰু ড্ৰাগছৰ অবৈধ বেহা ৷
ৰাজ্যৰ অন্য জিলাৰ লগতে নগাঁও জিলাতো মদ আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ বিগত কিছু দিনৰ পৰাই জিলাখনত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে মাত মাতি আহিছে ৷
ইফালে, ড্ৰাগছ মাফিয়াই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক প্ৰবীণ দাসক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ সেই উদ্দেশ্য়ে, মঙলবাৰে সাংগঠনিক সম্পাদক প্ৰবীণ দাসৰ স্বাস্থ্যৰ বুজ ল'বলৈ নগাঁৱত উপস্থিত হয় সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই । নগাঁৱত উপস্থিত হৈয়ে নেতা গৰাকীয়ে অতিশীঘ্ৰে এনে অবৈধ বেহা বন্ধ কৰিবলৈ দাবী জনাইছে আৰক্ষী প্ৰশাসনক ।
উল্লেখ্য যে, মদ আৰু ড্ৰাগছৰ ঘাটিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ড্ৰাগছ মাফিয়াৰ আক্ৰমণৰ বলি হৈ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা প্ৰবীণ দাস । লগতে, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে শিক্ষানুষ্ঠানৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৰিৱেশ মদ আৰু ড্ৰাগছে বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
লগতে পঢ়ক : দৰঙৰ মাগুৰমাৰীত দুৰ্বৃত্তই হত্যা কৰি লুটি নিলে টকা