চামগুৰি, 26 অক্টোবৰ : বিগত সময়চোৱাত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান চলোৱাৰ পিছত এই সাম্ৰাজ্যৰ সম্প্ৰসাৰণ কিছু হ্ৰাস পোৱাৰ আশা প্ৰকাশ কৰা হৈছিল ৷ কিন্তু আৰক্ষীৰ এই অভিযানে যেন কোনো প্ৰভাৱ পেলাব নোৱাৰিলে ড্ৰাগছ ব্যৱসায়ীসকলৰ ওপৰত ৷ সেয়ে আজিও ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সময়ে সময়ে আৰক্ষীয়ে আটক কৰি আছে ড্ৰাগছ সৰবৰাহকাৰীক ৷
শেহতীয়াকৈ নগাঁৱৰ নাৰমাৰীৰ পৰা আৰক্ষীয়ে আটক কৰিছে দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক ৷ হয়বৰগাঁও আৰক্ষীৰ নেতৃত্বত চলা এই অভিযানত সৰবৰাহকাৰীৰ কবলৰ পৰা 10 টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰে ৷ আটকাধীন সৰবৰাহকাৰী দুজন ক্ৰমে ছাহজাহান আলী আৰু জাকিৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ ধৃত ছাহজাহানৰ ঘৰ নাৰমাৰীত হোৱাৰ বিপৰীতে জাকিৰৰ ভকতগাঁৱৰ বাসিন্দা ৷
সৰবৰাহকাৰী দুজনে দীৰ্ঘদিনৰ পৰাই এই ব্যৱসায়ত জড়িত বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ তদুপৰি ধৃত ছাহজাহান আলীয়ে কিছুদিন পূৰ্বেহে কাৰাগাৰৰ পৰা মুকলি হৈ আহিছিল ৷ কাৰাগাৰৰ পৰা আহিয়ে সৰবৰাহকাৰীটোৱে পুনৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰিছিল ৷
লগতে চাওক: সৰুপথাৰত বিপদজনক অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰ : শক্তিমন্ত্ৰীৰ হস্তক্ষেপ দাবী