ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক ড৹ আবু হানিফা আৰু নাই - মুখ্য সম্পাদক

জ্যেষ্ঠ সাংবাদিক ড৹ আবু হানিফাৰ বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ৷ দেশৰ আগশাৰীৰ সংবাদগোষ্ঠীৰ হৈ বিগত চাৰিটা দশকৰো অধিক কাল ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনত অনবদ্য বৰঙণি আগবঢ়াই আহিছিল ড৹ আবু হানিফাই ৷

dr-abu-hanifa-no-more
জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফা আৰু নাই
author img

By

Published : Apr 1, 2021, 10:57 AM IST

নগাঁও,1 এপ্ৰিল: জ্যেষ্ঠ সাংবাদিক ড৹ আবু হানিফা আৰু নাই । নগাঁৱৰ বিশিষ্ট সাংবাদিক ড৹ আবু হানিফাৰ বৃহস্পতিবাৰে পুৱা প্ৰায় ৬ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয় ৷ তেখেত নগাঁৱৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক হোৱাৰ লগতে অসম মিডিয়া ট্ৰাষ্টৰ অন্যতম কাৰ্যবাহী, অসমবাণী, আসাম ট্ৰিবিউন, পিটিআইকে ধৰি দেশৰ আগশাৰীৰ সংবাদগোষ্ঠীৰ হৈ বিগত চাৰিটা দশকৰো অধিক কাল ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনত অনবদ্য বৰঙণি আগবঢ়াই আহিছিল ৷ বিগত এমাহ ধৰি গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰবীণ সাংবাদিক গৰাকীক প্ৰথম অৱস্থাত জিএনআৰচি-ত চিকিৎসাধীন কৰাত কিছু পৰিমাণে সকাহ পায় ৷ শেহতীয়াকৈ তেওঁৰ শাৰীৰিক অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন কৰা হয় । অৱশ্যে বৃহস্পতিবাৰে পুৱা ৬৯ বছৰীয়া সাংবাদিক গৰাকীয়ে মৃত্যুৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় ।

লগতে পঢ়ক : মাতৃহাৰা হ’ল লুৰিণজ্যোতি গগৈ

ড৹ হানিফাই শেহতীয়াকৈ নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত "কলংপাৰ"ৰ মুখ্য সম্পাদক হিচাপে মৃত্যুৰ সময়লৈকে কাৰ্যনিৰ্বাহ কৰে । সাংবাদিক গৰাকীৰ মৃত্যুত নগাঁও প্ৰেছ ক্লাব, নগাঁও ইলেকট্ৰনিক মিডিয়া এচ'ছিয়েশ্বন, আপকু নগাঁও জিলা সমিতি, বাৰ্তাজীৱী সংঘ নগাঁও শাখাকে ধৰি কলংপাৰ কাকত গোষ্ঠী, পুৰণিগুদাম, চামগুৰি, কলিয়াবৰ,ধিং, বটদ্ৰৱা, বেবেজীয়া, ৰহা, বঢ়মপুৰ, কঠিয়াতলী, কামপুৰ প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰে । বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত নগাঁৱত শোকৰ ছাঁ পৰিছে । তেওঁৰ মৃত্যুত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.