ETV Bharat / state

ফাল্গুৎসৱ: হৰি নামেৰে মুখৰিত বৰদোৱাৰ চৌপাশ - ফাকু

দেওবাৰে বটদ্ৰৱাত দৌল মহোৎসৱৰ দ্বিতীয়টো দিন উদযাপন ৷ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ এই দৌল মহোৎসৱ ৷ দ্বিতীয় দিনা উদযাপন কৰা হয় গোঁসাইৰ মূৰত ফাকু দিয়া উৎসৱ ৷

doul-utsav
ফাল্গুৎসৱ
author img

By

Published : Mar 28, 2021, 9:31 PM IST

নগাঁও,28 মাৰ্চ: গুৰুজনাৰ জন্মস্থান নগাঁৱৰ বটদ্ৰৱাত দেওবাৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ দ্বিতীয়টো দিন । পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে এই ফাল্গুৎসৱ ৷

ফাল্গুৎসৱ

দ্বিতীয় দিনাৰ মূল কাৰ্যসূচী আছিল গোসাঁইৰ মূৰত ফাকু দিয়া উৎসৱ । কৃষ্ণ গোঁসাইৰ সন্মুখত গায়ন-বায়নৰ ন-ধেমালি গীত পৰিৱেশন আৰু গোঁসাই সেৱা সম্পন্ন কৰি গোঁসাইৰ মূৰত ফাকু দিয়া উৎসৱ উদযাপন কৰা হয় ।

দৌল মহোৎসৱক লৈ দ্বিতীয় বৈকুণ্ঠ ধামত পৰিণত হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা । নিতৌ বটদ্ৰৱালৈ আগমণ ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভকত-বৈষ্ণৱৰ । পুৱাৰে পৰা ভক্তৰ সমাগমৰ লগতে হৰিনামেৰে মুখৰিত হৈছে বটদ্ৰৱাৰ চৌপাশ ।

লগতে পঢ়ক : হোলীৰ আনন্দৰ মাজতে মহানগৰীত অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.