নগাঁও, 11 ছেপ্টেম্বৰ : নিজ পত্নীক অকথ্য নিৰ্যাতন চলাই আটক হ'ল এগৰাকী কংগ্ৰেছী জিলা পৰিষদৰ সদস্য । পত্নীক হত্যাৰ ভাবুকি দিয়াৰো অভিযোগ উত্থপিত হৈছে কংগ্ৰেছী জিলা পৰিষদৰ সদস্যগৰাকীৰ বিৰুদ্ধে । আনকি হত্যা কৰিলেও ধনৰ বিনিময়ত সকলো মেনেজ কৰিব পাৰে বুলিও দম্ভালি মৰাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে । পত্নীৰ ওপৰত চলোৱা শাৰীৰিক নিৰ্যাতনৰ অভিযোগত আৰক্ষীয়ে আটক কৰিলে জিলা পৰিষদৰ সদস্য তথা কংগ্ৰেছ নেতা ছাইফুল ইছলামক ।
নাৰী নিৰ্যাতনৰ বিৰুদ্ধে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো ৰাজ্যত এতিয়াও অব্যাহত আছে নাৰী নিৰ্যাতনৰ এনে ঘটনা । নাৰীৰ ওপৰত আজিও চলি আছে নানা নিৰ্যাতন , এইবাৰ খোদ এগৰাকী কংগ্ৰেছী জনপ্ৰতিনিধিৰ বিৰুদ্ধে উত্থাপন হৈছে নাৰী নিৰ্যাতনৰ ভয়ংকৰ অভিযোগ । পাশৱিকভাৱে নিজ পত্নীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হ’ল নগাঁৱৰ কচুৱাৰ জিলা পৰিষদৰ সদস্য ছাইফুল ইছলামৰ বিৰুদ্ধে ।
দেখাই শুনাই এগৰাকী ভদ্ৰ লোক হিচাপে সকলোৱে জানে ছাইফুল ইছলামক । পিছে এইবাৰ পোহৰলৈ আহিছে এইজন লোকৰ ভয়ংকৰ ৰূপ । শুকুৰবাৰে, নিশা নিজ পত্নীক উকা কাগজত চহী কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলি ছাইফুলৰ বিৰূদ্ধে অভিযোগ উত্থাপন কৰিছে নিজ পত্নীয়ে । উকা কাগজত চহী নকৰাৰ বাবেই পত্নীৰ ওপৰত অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ ছাইফুল ইছলামৰ বিৰুদ্ধে ।
নেতাজনৰ পত্নী গৰাকীৰ শৰীৰতো খুব স্পষ্টকৈ দেখা পোৱা গৈছে কিছু আঘাতৰ দাগ ৷ পত্নীৰ ওপৰত দীৰ্ঘদিনৰ পৰাই নিৰ্যাতন চলোৱাৰ কাৰণ হিচাপে পত্নীয়ে উত্থাপন কৰিছে এটা বিস্ফোৰক অভিযোগ ৷ চাইফুল ইছলামে দ্বিতীয় বিবাহ কৰিব বিচৰাৰ বাবে পত্নীৰ ওপৰত নিৰ্যাতন চলোৱা বুলি এই অভিযোগ উত্থাপন কৰিছে পত্নীয়ে । এগৰাকী ৰাইজৰ প্ৰতিনিধিয়ে এইদৰে পত্নীৰ ওপৰত নিৰ্যাতন চলোৱাৰ ঘটনাই এতিয়া সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ । অৱশ্যে পত্নীক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উঠা এইজন নেতাগৰাকীৰ ওপৰত কি ব্যৱস্থা হয় সেয়া পৰৱৰ্তী সময়ত হে লক্ষণীয় হ'ব ।
লগতে পঢ়ক : মাতৃৰ বিয়োগৰ দুটা দিন পাছতে পৰিয়ালসহ লণ্ডনলৈ ৰাওনা অক্ষয় কুমাৰ