নগাঁও, 4 জুন : নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত হাতত লাঠী লৈ কৰ্তব্য পালন এগৰাকী চিকিৎসকৰ । লংকাত চিকিৎসক আক্ৰমণৰ ঘটনাৰ পিছত হাতত লাঠী লৈ ৰোগীক প্ৰদান কৰিলে চিকিৎসা । হোজাই জিলাৰ লংকা উদালী ক’ভিড কেয়াৰ কেন্দ্ৰত এগৰাকী ৰোগীৰ মৃত্যুক লৈ চিকিৎসক চিকিৎসা কৰ্মীৰ ওপৰত হোৱা আক্ৰমণৰ পিছত কাছাৰ জিলাতো চিকিৎসা কৰ্মীৰ দলৰ ওপৰত সংঘটিত হয় আক্ৰমণৰ ঘটনা ।

এনে ঘটনা সংঘটিত হৈ যোৱাৰ পিছত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ব্যতিক্ৰমী ৰূপত দেখা গ'ল এগৰাকী চিকিৎসকক । চিকিৎসকগৰাকীৰ নাম দিগন্ত বৰা । চিকিৎসক দিগন্ত বৰাই হাতত লাঠী লৈ চিকিৎসালয়ৰ ভিতৰত পালন কৰিছে নিজৰ দায়িত্ব ৷ হাতত লাঠী লৈয়েই চিকিৎসকগৰাকীয়ে চিকিৎসা প্ৰদান কৰিলে ৰোগীক । চিকিৎসকক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত চিকিৎসকগৰাকীয়ে প্ৰতীকি ৰূপত হাতত লাঠী লৈ এনেদৰে কৰ্তব্য পালন কৰা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : এখন বাঁহৰ দলং আৰু বিধায়ক চক্ৰধৰ গগৈৰ 5 হাজাৰ টকাৰ অনুদান