ETV Bharat / state

সুৰাসক্ত চিকিৎসকৰ আক্ৰমণৰ বলি হ’ল সাংবাদিক - সংবাদদাতা

নিশা কামপুৰত সুৰামত্ত চিকিৎসকৰ উদ্ভণ্ডালি ৷ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদ দাতাৰ ওপৰত জঁপিয়াই পৰিল সুৰামত্ত চিকিৎসক ৷

journalist
doctor
author img

By

Published : Oct 17, 2020, 1:58 PM IST

বঢ়মপুৰ, 17 অক্টোবৰ : শনিবাৰে নিশা কামপুৰৰ ৰাজপথত সুৰাসক্ত চালকৰ উদ্ভণ্ডালি ৷ সুৰাপান কৰি গাড়ী চলাই খুন্দিয়ালে এগৰাকী বৃদ্ধ পথচাৰীক ৷ তাৰ পাচতেই সাংবাদিকৰ ওপৰত দাদাগিৰি চিকিৎসকৰ ৷

ঘটনাটো সংঘটিত হৈছে নগাঁও জিলাৰ কামপুৰত ৷ শনিবাৰে নিশা কামপুৰ নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ৰিতুপৰ্ণ বৰা গাড়ী চলাই অহা অৱস্থাত খুন্দিয়াই এজন বৃদ্ধ লোকক ৷ দুৰ্ঘটনাটোৰ খবৰ পাই সেই স্থানত উপস্থিত হয় সাংবাদিকৰ দল ৷ ঘটনাৰ বিষয়ে মন্তব্য ল’ব খোজোতেই সংবাদদাতা পুষ্প চৌধুৰীৰ ওপৰত জপিয়াই পৰে সুৰাসক্ত চিকিৎসক ৰিতুপৰ্ণ বৰা ৷

সাংবাদিকক আক্ৰমণ সুৰাসক্ত চিকিৎসকৰ

কিন্তু চিকিৎসকজনৰ আচৰণত ক্ষুব্ধ হৈ সেই স্থানত উপস্থিত স্থানীয় লোকে মাৰধৰ কৰে চিকিৎসকজনক ৷ পিছত ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ আহত ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক : বিজেপিক ৰোধিবলৈ আঞ্চলিক দলসমূহৰ লগ লাগিব আঞ্চলিক গণ মৰ্চা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.