ETV Bharat / state

ধিঙত সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত দুৰ্নীতি

author img

By

Published : Dec 20, 2020, 5:03 PM IST

ধিঙত সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ লাহৰীঘাটৰ উদকাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সমীৰ উদ্দিন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল মজিদৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷

as_dhing_minority-scholarship-scam_vis_AS10013
ধিঙত সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত দুৰ্নীতি

ধিং,20 ডিচেম্বৰ : লাহৰীঘাটৰ উদকাটি প্ৰাথমিক বিদ্যালয়ত সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ ছাত্ৰবৃত্তিৰ বাবে আবেদনৰ নামত প্ৰতিগৰাকী ছাত্ৰৰ পৰা গ্ৰহণ কৰা হৈছে 300 টকাকৈ ৷ বিদ্যালখনৰ প্ৰধান শিক্ষক সমীৰ উদ্দিন আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল মজিদৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷

উল্লেখ্য যে, দেওবাৰে বিদ্যালয় বন্ধৰ দিনটোতো বিদ্যালয় চৌহদতে বৃত্তিৰ আবেদনৰ নামত ধন সংগ্ৰহ কৰিছিল প্ৰধান শিক্ষকৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে ৷ এই দৃশ্য প্ৰত্যক্ষ কৰি একাংশ সচেতন ৰাইজে বাধা আৰোপ কৰাত পৰৱৰ্তী সময়ত নিজৰ বাসগৃহত কাম-কাজ কৰে আব্দুল মজিদে ৷ আনহাতে, সাংবাদিকক দেখি ঘটনাস্থলীৰ পৰা পলায়ন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক সমীৰ উদ্দিন ৷ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ জলপানি প্ৰদানৰ বিনিময়ত ধন সংগ্ৰহ কৰাৰ অপৰাধত প্ৰধান শিক্ষকৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে শিক্ষা বিভাগক কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক-জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.