ETV Bharat / state

ধিঙত হাইড্ৰপনিক পদ্ধতিৰে উৎপাদন কৰিছে ধানৰ কঠীয়া

author img

By

Published : Apr 23, 2020, 1:47 PM IST

মুকুতা খেতিৰে চৰ্চালৈ অহা ধিঙৰ ৰুলেন হাজৰিকাই হাইড্ৰপনিক পদ্ধতিৰে ধানৰ কঠীয়া পাৰি অসমৰ কৃষকলৈ আনিছে শুভবাৰ্তা ।

dhing-man-hydroponic-plantation
ধিঙৰ ৰুলেন হাজৰিকাই হাইড্ৰপনিক পদ্ধতিৰে ধানৰ কঠীয়া পাৰি অসমৰ কৃষকলৈ আনিলে শুভবাৰ্তা

বটদ্ৰৱা, 23 এপ্ৰিল: চলি থকা লক ডাউনৰ সময়ত বহু জনে বহু ধৰণে অতিবাহিত কৰিছে সময় । অসমত পোন প্ৰথমবাৰৰ বাবে মুকুতাৰ খেতি কৰি চৰ্চালৈ অহা ধিঙৰ বেছামাৰীৰ ৰুলেন হাজৰিকাই গ্ৰহণ কৰিছে সুন্দৰ পদক্ষেপ। এই লক ডাউনৰ সময়চোৱাত ৰুলেন হাজৰিকাই অসমৰ কৃষক সকললৈ আনিছে এটা সুখবৰ । অসমৰ কৃষকে এতিয়া পথাৰৰ বোকা পানীত আৰু কঠিয়া পাৰিব নালাগে। এতিয়া ঘৰৰ ভিতৰতে কঠিয়া পৰিবলৈ সক্ষম হ'ব কৃষকসকল । হাজৰিকাই অসমত পোন প্ৰথমবাৰৰ বাবে হাইড্ৰপনিক পদ্ধতিৰে পৰীক্ষণমূলক ভাৱে ধানৰ কঠীয়া পাৰি কৃষকলৈ আনিলে শুভবাৰ্তা । এই হাইড্ৰপনিক পদ্ধতিৰে এখন সৰু টেবুলত এবিঘা মাটিৰ কঠিয়া পাৰিবলৈ সক্ষম হ'ব কৃষকসকল ।

এই পদ্ধতিত কঠিয়া পাৰিবলৈ প্ৰয়োজন হয় কেৱল পানী আৰু পানী ধৰি ৰাখিব পৰা পাত্র,যেনে চৰিয়া,ট্ৰে ইত্যাদি । এই পদ্ধতিৰে কঠিয়া পাৰিলে পোন্ধৰ দিন পিছতেই ৰোৱাৰ উপযোগী হয় কঠিয়া। অসমত প্ৰতি বছৰে বানপানীৰ পিছত কৃষকসকলে কঠিয়াৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়। কৃষকসকলৰ এই সমস্যা সমাধানৰ বাবেই ৰুলেন হাজৰিকাই কৰিছে এই চিন্তা চৰ্চা । উল্লেখ্য যে হাইড্ৰপনিক পদ্ধতিৰ খেতি পোন প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছিল ইজৰাইলত । বৰ্তমানে ভাৰতৰ অন্য ৰাজ্য সমূহত হাইড্ৰপনিক পদ্ধতি আৰম্ভ হৈছে যদিও অসমত এতিয়ালৈকে আৰম্ভ হোৱা নাই । ধিঙৰ ৰুলেন হাজৰিকাই লক ডাউনৰ সময়ত হাইড্ৰপনিক পদ্ধতিত কঠিয়া পাৰি কৃতকার্য হোৱাত অসমৰ কৃষক সকললৈ কঢ়িয়াই আনিছে শুভবাৰ্তা ।

লগতে পঢ়ক :অসমত পুনৰ এজন ব্যক্তি কৰ'ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.