বটদ্ৰৱা,18 ফেব্ৰুৱাৰী : ধিং আৰক্ষীয়ে অপহৰণকাৰীৰ বিৰুদ্ধে চলালে এক সফল অভিযান ৷ সোমবাৰে ধিঙৰ খৈৰামাৰীৰ পৰা দিন দুপৰতে অপহৃত হোৱা ছবছৰীয়া শিশু অৱশেষত উদ্ধাৰ হ'ল ধিঙৰ লাঙিয়া চাপৰিত । আৰক্ষীয়ে জনোৱা মতে, অপহৰণকাৰীয়ে ধন দাবী কৰা ম'বাইল নম্বৰৰ অনুসৰণ(ট্ৰেক) কৰি ধিঙৰ লাঙিয়া চাপৰিৰ পৰা অপহৃত ছবছৰীয়া কণমানি শিশুটিক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীৰ জালত পৰে এটা অপহৰণৰকাৰী । ধৃত অপহৰণকাৰীটোৰ নাম ছাহ আলম ইছলাম । কিন্তু বৰ্তমানেও পলাতক হৈ আছে আন তিনি অপহৰণকাৰী ।
ঘটনা অনুসৰি খৈৰামাৰী গাওঁৰ আবুল বাচাৰৰ ছবছৰীয়া সন্তানে সোমবাৰে বিয়লি ঘৰৰ পদূলিত খেলি থকা অৱস্থাত হঠাতে সন্ধানহীন হৈ পৰে । পিছত পৰিয়ালৰ লোকে শিশুটিক বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসূত্ৰ উলিয়াত ব্যৰ্থ হয় । পিছত নিশা ৯ মান বজাত ৮৪৭২****২৮ নম্বৰৰ পৰা এটি ফোন আহে পৰিয়াললৈ । ফোনত হিন্দী ভাষাতে শিশুটোক তেওঁলোকে অপহৰণ কৰা কথা অৱগত কৰাৰ লগতে আৰক্ষীক বিষয়টো জনালে শিশুটোক হত্যা কৰা হ'ব বুলিও ফোনতে ভাবুকি দিয়ে ।
এই ঘটনা সন্দৰ্ভত অপহৃত শিশুৰ পিতৃয়ে ধিং থানাত এক গোচৰ ৰুজু কৰে । ধিং আৰক্ষীয়ে ফোন নম্বৰটোৰ 'ট্ৰেক' ধৰি অৱশেষত ধিঙৰ লাঙিয়া চাপৰিৰ পৰা অপহৃত শিশুটিক উদ্ধাৰ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ছাহ আলম ইছলাম নামৰ অপহৰণকাৰীটোক । শিশুটিক উদ্ধাৰ কৰি পৰিয়ালৰ লোকক গতাই দিয়ে ধিং আৰক্ষীয়ে ।
লগতে পঢ়ক:বাইহাটাৰ কমলপুৰত আটক দুধৰ্ষ ডকাইত