ৰূপহীহাট, 27 জুন : মহামাৰী, প্ৰাকৃতিক দুৰ্যোগ, অৰ্থনৈতিক অস্থিৰতা একোৱেই যেন মানৱ জাতিৰ জিঘাংসাক নিয়ন্ত্ৰণ কৰিব পৰা নাই ৷ চূড়ান্ত দুৰ্যোগৰ মাজতো সমাজত অপৰাধ আৰু অপৰাধীৰ সংখ্যা নিয়ন্ত্ৰণ হোৱাৰ পৰিৱৰ্তে দিনকদিনে বৃদ্ধি পাইছে ৷ মানৱ সমাজক লজ্জিত কৰা এনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে ৰূপহীহাটৰ শিয়ালী চৰত ৷
ককায়েকে কৰা নিৰ্মম আক্ৰমণত প্ৰাণ হেৰুৱালে কনিষ্ঠ ভাতৃয়ে । ঘটনাৰ বিৱৰণী অনুসৰি, নগাঁও জিলাৰ ৰূপহীহাটৰ শিয়ালী চৰৰ দুই ভাতৃৰ মাজত এজোপা বাঁহগছ কটাক লৈ সূত্ৰপাত হৈছিল কাজিয়াৰ ৷ ইয়াকে লৈ পৰৱৰ্তী সময়ত দুই ভাতৃৰ বিবাদে চূড়ান্ত ৰূপ লয় । বিবাদৰ পৰিণতিত জ্যেষ্ঠ ভাতৃ জহিৰুল ইছলামে এখন কোৰেৰে আক্ৰমণ কৰে কনিষ্ঠ ভাতৃ আছাদুল ইছলামক ৷
তাৎক্ষণিক এই আক্ৰমণত তিষ্ঠিব নোৱাৰি গুৰতৰভাৱে আহত হয় আছাদুল ইছলাম ৷
ঘটনাৰ লগে লগে চুবুৰীয়া ৰাইজে মিলি আছাদুলক দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে যদিও চিকিৎসকে মৃত ঘোষণা কৰে । সম্প্ৰতি এই হত্যাকাণ্ডই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাস্থলীত লাওখোৱা চাপৰি আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : পুনৰ কাৰাগাৰলৈ উভতিল বিধায়ক অখিল গগৈ