ETV Bharat / state

অখিলৰ আইনী যুঁজৰ বাবে নগাঁৱত ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ

অখিল গগৈৰ মুক্তিৰ আইনী যুঁজৰ বাবে দেওবাৰে অসমৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্থ সংগ্ৰহ অভিযান আৰম্ভ কৰে । নগাঁৱৰ বিভিন্ন ঠাইৰ লগতে কলিয়াবৰৰ জখলাবন্ধা, হাটবৰ, মিছাকে ধৰি বিভিন্ন অঞ্চলত অৰ্থ সংগ্ৰহ কৰা দেখা যায় ।

Delegates at Kaliabor to Fund Collection for Akhil Gogoi Juducial Support
অখিলৰ আইনী যুঁজৰ বাবে নগাঁৱত ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ
author img

By

Published : Sep 13, 2020, 10:23 PM IST

কলিয়াবৰ, 13 ছেপ্তেম্বৰ : দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ আইনী যুঁজৰ বাবে দেওবাৰে অসমৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৰ্থ সংগ্ৰহ অভিযান আৰম্ভ কৰে । নগাঁৱৰ বিভিন্ন ঠাইৰ লগতে কলিয়াবৰৰ জখলাবন্ধা, হাটবৰ, মিছাকে ধৰি বিভিন্ন অঞ্চলত অৰ্থ সংগ্ৰহ কৰা দেখা যায় ।

উল্লেখযোগ্য যে, 13 আগষ্টত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ বিভিন্ন অঞ্চলত অৰ্থ সংগ্ৰহৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিচতে 25 আগষ্টৰ পৰা অৰ্থ সংগ্ৰহ অভিযান আৰম্ভ কৰিছিল ।

অখিলৰ আইনী যুঁজৰ বাবে নগাঁৱত ৰাইজৰ পৰা অৰ্থ সংগ্ৰহ

আনহাতে, কৰ'ণা মহামাৰীৰ ফলত বেপাৰ-বাণিজ্যৰ পৰা অৰ্থ অহা পথবোৰ প্ৰায় বন্ধ হৈ থকা সময়তো কৃষক নেতাজনৰ মুক্তিৰ বাবে ৰাইজে নিজৰ সামৰ্থ অনুযায়ী মুক্ত হস্তে অৰ্থ দান কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : মৰাণত দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.