চামগুৰি, 6 জুন : নগাঁও জিলাৰ ধনীয়ভেটি গাঁৱত চাঞ্চল্য ৷ এটি নৱজাতকৰ জন্মৰ পাচতে চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত ৷ গৰাকী মহিলাই শনিবাৰে নগাঁৱৰ চিলংনী-আমতলা ক্ষুদ্ৰ প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত জন্ম দিয়ে এটি নৱজাতক । নৱজাতকটিৰ জন্মৰ পাছতে হুৱা-দুৱা লাগিল চিকিৎসালয়খনৰ কৰ্মীসকলৰ মাজত ৷ কাৰণ নবজাতকটিৰ মূৰৰ অংশটো সম্পূৰ্ণ খালি । সন্তানটো চাবলৈ আহিছে বহুজন ৷
চিকিৎসকে নৱজাতকটিক উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ কিন্তু পৰিয়ালটিৰ আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে নৱজাতকটিক উন্নত চিকিৎসাৰ বাবে নিব নোৱাৰি ঘৰলৈ উভতাই আনে ৷ এতিয়া স্থানীয় ৰাইজ তথা পৰিয়ালৰ লোকে নৱজাতকটিৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে ৷
লগতে পঢ়ক: হোজাই জিলাৰ কাকীত প্ৰসাশনৰ উচ্ছেদ অভিযান