কলিয়াবৰ,28 জুলাই: কলিয়াবৰত বিদ্যুৎপৃষ্ঠ হৈ মৃত্যুক আঁকোৱালি লৈছে এটা বনৰীয়া হাতীয়ে ৷ কলিয়াবৰৰ শালনা চাহ বাগিচাৰ অন্তৰ্গত লেংটেং খণ্ডত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনাটো ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বাগিচাখনৰ আমগুৰি লাইনৰ এঘৰ লোকৰ বাৰীৰ কঁঠাল গছত লগাই ৰখা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু ঘটে হাতীটোৰ ৷
হস্তী-মানৱৰ সংঘাত অব্যাহত থকাৰ মাজতে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰিছিল বনৰীয়া হাতীটোৱে ৷ পৰৱৰ্তী সময়ত স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত বন বিষয়া উপস্থিত হৈ মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে সেই স্থানতে মৃতদেহটো সমাধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ অৱশ্যে পৰৱৰ্তী সময়ত মুখ্য বন বিষয়া,ৰেঞ্জাৰকে ধৰি পশু চিকিৎসকলৰ দল এটা ঘটনাস্থলীলৈ ৰাওনা হয় ৷