ETV Bharat / state

এটা খাদী উৎপাদন কেন্দ্ৰৰ মৃত্যুমুখী যাত্ৰাঃ ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন

author img

By

Published : Oct 2, 2020, 2:18 PM IST

Updated : Oct 2, 2020, 10:55 PM IST

খাদী বস্ত্ৰৰ ব্যৱহাৰ আৰু প্ৰচলনেৰে ভাৰতীয় সকলক বস্ত্ৰ উদ্যোগত স্বনিৰ্ভৰশীল কৰি তুলিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়ে ৷ কিন্তু আজিৰ সময়ত কেনে আছে দেশৰ খাদী উৎপাদন কেন্দ্ৰ সমুহ ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক প্ৰতিবেদন ৷

Death journey of a Khadi production center: An ETV Bharat report
এটা খাদী উৎপাদন কেন্দ্ৰৰ মৃত্যু মুখী যাত্ৰাঃ ইটিভ ভাৰতৰ বিশেষ প্ৰতিবেদন

নগাঁও, 2 অক্টোবৰ: আজি 2 অক্টোবৰ ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে আজি পালন কৰা হৈছে গান্ধী জয়ন্তী ৷ খাদী বস্ত্ৰৰ ব্যৱহাৰ আৰু প্ৰচলনেৰে ভাৰতীয় সকলক বস্ত্ৰ উদ্যোগত স্বনিৰ্ভৰশীল কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছিল এই গৰাকী মহামানৱ মহাত্মা গান্ধীয়ে ৷ কিন্তু আজিৰ সময়ত কেনে আছে দেশৰ খাদী উৎপাদন কেন্দ্ৰসমুহ ৷ গান্ধী জয়ন্তীৰ দিনটোত নগাঁৱৰ ৰহাৰ খাদী উৎপাদন কেন্দ্ৰটোক লৈ ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

চৰকাৰী অৱহেলাৰ বাবে বৰ্তমান মৃত্যুৰ মুখলৈ গতি কৰিছে 1956 চনত স্থাপন হোৱা অসম খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ অধীনস্থ নগাঁৱৰ ৰহাৰ খাদী উৎপাদন কেন্দ্ৰটোৱে ৷ বিগত কিছুদিন ধৰি এই কেন্দ্ৰটোত হ্ৰাস পাইছে খাদী সামগ্ৰীৰ উৎপাদন ৷ এসময়ত খাদী বস্ত্ৰৰ পৰা আৰম্ভ কৰি খাদীৰে নিৰ্মিত সকলো সামগ্ৰীৰে উভৈনদী হৈ থকা কেন্দ্ৰটোত এতিয়া পোৱা নাযায় খাদীৰ পৰা নিৰ্মিত এখন সাধাৰণ এড়ী চাদৰ ৷ মূলত কেঁচা সামগ্ৰীৰ অভাৱ আৰু চৰকাৰে দিয়া নিম্ন নিৰিখৰ বাবে গাঁৱৰ শিপিনী সকলে এই কেন্দ্ৰৰ অধীনত খাদী বস্ত্ৰ উৎপাদন কৰিবলৈ ইচ্ছুক নহয় ৷ ফলত ক্ৰমান্বয়ে মৃত্যু মুখলৈ গতি কৰিছে কেন্দ্ৰটোৱে ৷ আনহাতে এই কেন্দ্ৰটোত কৰ্মৰত কৰ্মচাৰী সকলেও বিগত কেইবা মাহ ধৰি পোৱা নাই তেওঁলোকৰ চৰকাৰী দৰমহা ৷ জহি-খহি গৈছে তেওঁলোকৰ চৰকাৰী আবাসগৃহও ৷ কিন্তু তালৈ যেন কোনো কাণ সাৰ নাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ ৷

Death journey of a Khadi production center
এটা খাদী উৎপাদন কেন্দ্ৰৰ মৃত্যু মুখী যাত্ৰা

উল্লেখ্য যে, যি সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক খাদী বস্ত্ৰ পুনৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে, ঠিক তেনে সময়তে ৰাজ্য চৰকাৰৰ অসম খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ অধীনস্থ এই খাদী উৎপাদন কেন্দ্ৰটোৰ শ্মশান মুখী যাত্ৰাই ৰাজ্য চৰকাৰৰ খাদী বস্ত্ৰ ব্যৱহাৰৰ ঘোষণা যে এক মিথ্যাচাৰৰ বাহিৰে একো নহয় তাকেই প্ৰতিপন্ন কৰিছে ৷

লগতে পঢ়কঃ সপত্নীক ক’ভিড 19ত আক্ৰান্ত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

Last Updated : Oct 2, 2020, 10:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.