নগাঁও, 2 নৱেম্বৰ: কঠিয়াতলী ৰেংবেং সৰুপথাৰৰ এটা জুৰিত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ চেপা-উত্তেজনা অঞ্চলটোত ৷ পানীত মেটেকাৰে ঢাকি থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে ৷ মৃতদেহটোৰ এটা ভৰি ওলাই থকাৰ বাবেই প্ৰত্যক্ষ কৰিবলৈ সক্ষম হয় স্থানীয় লোকে ৷ পিচত যমুনামুখ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ।
মহিলা গৰাকীৰ পৰিচয় বৰ্তমান লৈকে জানিব পৰা হোৱা নাই ৷ কোনো দুৰ্বৃত্তই মহিলাগৰাকীক হত্যা কৰি জুৰিত মেটেকাৰে ঢাকি ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷