ETV Bharat / state

লাওখোৱাত খহনীয়াৰ ভয়ংকৰ ৰূপঃ উছনৰ দিশে বহু পৰিয়াল - Erosion

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে নগাঁৱৰ বিভিন্ন অঞ্চলত ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে জিলাখনৰ কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে সা-সম্পত্তি ৷ সম্প্ৰতি নিজ হাতে সজা আপোন ঘৰখন হেৰুওৱাৰ আতংকই খেদি ফুৰিছে লাওখোৱা, ভূৰবন্ধাৰ লগতে বৰগুলীবাসী ৰাইজক ৷

danger situation of Erosion at laokhowa nagaon assam etv bharat news
লাওখোৱাত খহনীয়াৰ ভয়ংকৰ ৰূপ
author img

By

Published : Jul 30, 2020, 2:10 PM IST

নগাঁও,30 জুলাই: গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নগাঁও জিলাত ৷ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে জিলাখনৰ কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে সা-সম্পত্তি ৷ নিজ হাতে সজা আপোন ঘৰখন হেৰুওৱাৰ আতংকই খেদি ফুৰিছে জিলাখনৰ লাওখোৱা, ভূৰবন্ধাৰ লগতে বৰগুলীবাসী ৰাইজক ৷ উল্লেখ্য যে, জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰা স্বত্বেও এই সমস্যাৰ কোনো স্থায়ী সমাধান বাহিৰ কৰিব পৰা নাই মন্ত্ৰীগৰাকীয়ে ৷

লাওখোৱাত খহনীয়াৰ ভয়ংকৰ ৰূপ

প্ৰত্যেক বছৰৰ দৰে এইবছৰো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে অঞ্চলসমূহত ৷ চৰকাৰৰ পূৰ্বৰ আঁচনি অনুসৰিয়েই খহনীয়া ৰোধৰ নামত প্ৰতিবছৰে আবণ্টিত হৈ আহিছে বৃহৎ পৰিমাণৰ চৰকাৰী ধন ৷ কিন্তু উক্ত ধনৰ সদব্যৱহাৰ হোৱাৰ বিপৰীতে কাৰ জেপ গৰম হ’ল সেয়া আজিও ৰহস্যজনক ৷ খহনীয়াত নিজৰ ঘৰ-মাটি হেৰুওৱা পৰিয়ালসমূহে সম্প্ৰতি অস্থায়ী আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে জিলাখনত ৷ কিন্তু ইয়াৰ পিছতো বিষয় সন্দৰ্ভত কোনো গুৰুত্ব নাই ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ ৷

উল্লেখ্য যে, ৰাজ্যৰ ভিতৰতে সৰ্বাধিক খহনীয়াৰ সন্মুখীন হৈছে মাজুলীত ৷ মাজুলীৰ কেইবাটাও স্থানত ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰি খহাই নিছে জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ অঞ্চল ৷ কিন্তু বিগত কেইদিনমানৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ বান আৰু খহনীয়া পৰিস্থিতি পৰিদৰ্শন কৰি উচিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰিছে ৰাজ্যবাসীক ৷

লগতে চাওকঃ বানৰ প্ৰলয়ঃ মৃতকৰ সংখ্যা 107 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.