ETV Bharat / state

বঢ়মপুৰত বিস্তীৰ্ণ অঞ্চল জলমগ্ন, হাহাকাৰ ৰাইজৰ - কচুৱা ৰমনি পথাৰ

কচুৱা ৰমনি পথাৰৰ হাজাৰ-হাজাৰ বিঘা বড়োধানৰ খেতি বানত ডুব গৈ আছে ৷ মুৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে সেই অঞ্চলৰ কৃষক সকলৰ ৷

ETV BHARAT
বঢ়মপুৰত বিস্তীৰ্ণ অঞ্চল জলমগ্ন, হাহাকাৰ ৰাইজৰ
author img

By

Published : May 23, 2020, 7:38 PM IST

বঢ়মপুৰ,23মেঃ নগাঁৱৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুৱা ৰমনি পথাৰকে ধৰি বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈ পৰে ৷ কৃষক সকলৰ বড়ো ধানৰ লগতে বানত উটি গ'ল পুখুৰীৰ মাছ-পুঠি ক্ষতি হয় বহু সা-সম্পত্তি ৷

বঢ়মপুৰত বিস্তীৰ্ণ অঞ্চল জলমগ্ন, হাহাকাৰ ৰাইজৰ

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো এতিয়া কৰ'ণা ভাইৰাছৰ আতংকৰ লগতে অব্যাহত আছে বানৰ সংহাৰীৰূপ । বছৰৰৰ প্ৰথমটো বানতেই বুৰিল নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ বিস্তীৰ্ণ অঞ্চল । যোৱা দুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফোটোকাৰে বাঢ়িছে নগাঁৱৰ বৰপানী নৈৰ জলপৃষ্ঠ । বৃহস্পতিবাৰে বৰপানী নৈৰ পানীয়ে মাধবপাৰা আৰু প্ৰমিলা সংযোগী মথাউৰিটো চিঙি নিয়াত হঠাৎ প্লাবিত হৈ পৰে বহু অঞ্চল ৷ তাৰোপৰি, শুকুৰবাৰে নিশা ৰহা সমষ্টিৰ কচুৱা ৰমনি পথাৰৰ বৰপানী নৈৰ ওপৰত থকা বাহৰ দলংখনো উটুৱাই নিয়ে ৷ ফলত মাধৱপাৰা গাওঁ পঞ্চায়ত ৰ ২নং ৱাডৰ এটা পথৰ কেবাঠাইতো বৰপানী নৈৰ পানীয়ে মাধৱপাৰা, প্ৰমিলা, লংজাপ,লুটুমাৰি, জুৰিপাৰ, কচুৱা আদি হাজাৰ হাজাৰ বিঘা বড়ো ধানৰ কৃষি ভূমি বিস্তৰ ক্ষতি সাধন হয় । কৃষক সকলৰ পকা ধান কাটিবৰ সময়ত হোৱা বানৰ ফলত ধ্বংস হয় পকা বড়ো ধান খেতি ৷ বিঘাই -বিঘাই পকা ধান পানীত ডুব গৈ থকাত এতিয়া মুৰে কঁপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষক সকল ৷ আনহাতে, স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসক অঞ্চলটোত থকা দলং খন নিৰ্মাণৰ বাবে বহু দিন ধৰি আহ্বন জনাই অহাৰ পিছতো এতিয়া লৈ কোনো বিহিত ব্যৱস্থা নোলোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে পথটোত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ চৰকাৰ প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক- বিপদসীমাৰ ওপৰেৰে বৈছে পুঠিমাৰী নৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.