চামগুৰি, 30 এপ্ৰিল: বৃহস্পতিবাৰে নগাঁও সদৰ সমষ্টিৰ বেলতলী ৰৌমাৰী অঞ্চলত বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰীৰ দ্বাৰা প্ৰহৃত হ’বলগীয়া হ'ল এজন গ্ৰাহক । ৰৌমাৰী অঞ্চলত অনিয়মীয়া বিদ্যুৎ যোগানৰ বিষয়ে অঞ্চলটোৰ বিদ্যুতৰ কামত জড়িত থকা চফিকুল ইছলাম নামৰ লোকজনক সুধিবলৈ যোৱাৰ বাবে মুস্তফা নামৰ গ্ৰাহকজনক মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।
অভিযোগ অনুসৰি, অতি নিম্ন ভল্টেজৰ বিদ্যুৎ যোগান ধৰাৰ ফলত অঞ্চলটোত সৃষ্টি হৈছে কিছু অসুবিধাৰ । যাৰ বাবে অঞ্চলটোৰ ৰাইজৰ হৈ এই অনিয়মীয়াকৰণৰ বিষয়ে সুধিবলৈ গৈছিল ৰৌমাৰী অঞ্চলৰ যুৱক মুস্তফাই ৷ কিন্তু ইয়াৰ বিপৰীতে অঞ্চলটোত বিদ্যুতৰ কামত জড়িত থকা চফিকুল ইছলামৰ দ্বাৰা শাৰিৰীক নিৰ্যাতনৰ বলি হ’বলগীয়া হ’ল মুস্তাফা ৷
অভিযোগ অনুসৰি চফিকুল ইছলামৰ প্ৰহাৰত গুৰুত্বৰ ভাৱে আহত হয় মুস্তফা নামৰ ব্যক্তি গৰাকী ৷ আহত মুস্তফাই নগাঁও সদৰ আৰক্ষী থানাত এই সন্দৰ্ভত দাখিল কৰিছে এজহাৰ ।
লগতে পঢ়ক: হোজাইৰ নীলবাগান ক’ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি