নগাঁও, নৱেম্বৰ 5 : ৰাজ্যৰ বনবিভাগৰো নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে এই জন্তু মানৱৰ সংঘাত ৷ কিন্তু তাৰ মাজতো এটা ভাল খবৰে দিছে আশাৰ ৰেঙণি ৷ হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত সকলো প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পিচত নগাঁৱৰ দুজন প্ৰকৃতিপ্ৰেমীৰ বিশেষ পদক্ষেপে হাতীৰ সৈতে সংঘাতৰ পৰা ৰক্ষা কৰিছে নগাঁৱৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজক ৷ নগাঁও কাৰ্বি আংলং পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে পথাৰৰ শস্য খাই নষ্ট কৰাৰ বিপৰীতে হাতীৰ উপদ্ৰৱ ৰোধিবলৈ এই দুগৰাকী ব্যক্তিয়ে গ্ৰহণ কৰিছে এক পদক্ষেপ ৷ এই দৃশ্য নগাঁও জিলাৰ ননৈ চাহ বাগিচাৰ সমীপৰ ৷ হাতীৰ বাবে পাহাৰত কৰা হৈছে এক বিশেষ ঘাঁহৰ খেতি, যাৰ ফলত হাতীয়ে লাভ কৰিছে পৰ্যাপ্ত খাদ্য ৷

এনেদৰেই প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰাই অব্যাহত ৰাখিছে হাতী মানুহৰ সংঘাত ৰোধৰ চেষ্টা। পাহাৰ অঞ্চলৰ পৰা ভৈয়ামলৈ যাতে হাতী নামি আহিব নালাগে তাৰ বাবে দুলু বৰাই পাহাৰতে যোগান ধৰি আহিছে হাতীৰ খাদ্য। পাহাৰত কৰিছে ধান খেতি,নেফিয়াৰ,কলগছ আদিৰ খেতি। যাৰফলত সকাহ দিছে চামগুৰি, বঢ়মপুৰৰ কৃষকক ৷
পুষ্টিকৰ খাদ্য হিচাপে পৰিচিত নেফিয়াৰ ঘাঁহৰ খেতি ৬০ বিঘা ভূমিত কৰিছে । চাপনলাৰ সমীপৱৰ্তী হাতীখুলি অঞ্চলৰ ২০০ বিঘা ভূমিতো হাতীৰ খাদ্যৰ বাবেই কৰিছে ধান খেতিও। হাতীখুলি, ৰংহাং অঞ্চলত শীতৰ আগমনৰ সময়ত ঘৰত মানুহ থাকিব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছিল। কাৰ্বি পাহাৰৰ পৰা ওলাই অহা হাতীয়ে এফালৰ পৰা তহিলং কৰিছিল ঘৰ দুৱাৰ। হাতীৰ আক্ৰমণত নিহত,আহত হৈছিল বহু লোক। সম্প্ৰতি হাতীৰ উপদ্ৰৱ বন্ধ হৈছে বৃহত্তৰ অঞ্চলটোত ৷

হাতীবন্ধু নামৰ প্ৰকৃতি প্ৰেমী সংগঠনৰ সঞ্চালক প্ৰদীপ ভূঞাৰ সহযোগত এই ধান খেতি কৰিছিল দুলু বৰাই। হাতীখুলি গাঁৱৰ ৰাইজ,নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰী, নগাঁও কৃষি বিভাগৰ সহযোগত সম্ভৱ হৈছে হাতীৰ খাদ্যৰ বাবে কৰা ২০০ বিঘাৰ ধান খেতি।

এই পদক্ষেপক লৈ এতিয়া সন্তুষ্ট গাঁওবাসী। প্ৰকৃতিপ্ৰেমী দুলু বৰাই হাতী মানুহৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপত পূৰ্ণ সহযোগিতা আগবঢ়াই আহিছে দুলুৰ পত্নী মেঘনা ময়ূৰ হাজৰিকাই।
