ETV Bharat / state

ধন সময়মতে নিদিয়াক লৈ ক্ষোভিত বেংকৰ গ্ৰাহক - ৰূপহহাট বেংক

সোমবাৰে দুপৰীয়া ৰূপহহাট অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত কেন্দ্ৰৰ স্বত্বাধিকাৰী জাকিৰ হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰে গ্ৰাহকসকলে ৷ সাঁচতীয়া ধন সময়মতে বিচৰা ধৰণে দিব নোৱাৰাক লৈ উত্তপ্ত পৰিস্থিতি ৷ গ্ৰাহকসকলে ধন নোপোৱাত বেংক কৰ্তৃপক্ষক জগৰীয়া কেন্দ্ৰটোৰ স্বত্বাধিকাৰীৰ ৷

csp-heated-situation-at-rupahihat
ৰূপহহাটৰ বেংকত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Apr 21, 2021, 2:27 PM IST

ৰূপহীহাট,21 এপ্ৰিল : ৰূপহহাট অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ সাঁচতীয়া ধন সময়মতে বিচৰা ধৰণে দিব নোৱাৰাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় বেংকৰ শাখাটোত ৷

সোমবাৰে দুপৰীয়াৰ ভাগত শতাধিক গ্ৰাহকে আউনীআটী শাখাৰ অন্তৰ্গত অসম গ্ৰামীণ বিকাশ বেংকৰ গেৰেকী গ্ৰাহক সেৱা কেন্দ্ৰত গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী জাকিৰ হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰে । ইফালে গ্ৰাহক সেৱা কেন্দ্ৰটোত গ্ৰাহকসকলে ধন নোপোৱাত বেংক কৰ্তৃপক্ষক জগৰীয়া কৰে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰীয়ে ।

উল্লেখ্য যে, বেংকৰ শাখাটোত বিহুৰ আগৰ পৰাই নগদ ধন উপলব্ধ নোহোৱাৰ বাবেই গ্ৰাহকসকলে এনে যমৰ যাতনা ভুগিবলগীয়া হৈছে ৷ এই বিষয়ে গ্ৰাহকসকলে বহুবাৰ বেংক কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ শীঘ্ৰেই কেন্দ্ৰটোৰ গ্ৰাহকসকলৰ লগতে কেন্দ্ৰটোৰ স্বত্বাধিকাৰীয়ে বেংক কৰ্তৃপক্ষক এই সমস্যা সমাধানৰ বাবে দাবী জনায় ৷

লগতে পঢ়ক : কাজিৰঙাত পুনৰ গড় হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.