ETV Bharat / state

Raas Purnima 2022: ৰাসৰ পোছাক বিচাৰি পোছাকৰ বিপনীত ভাৱৰীয়াৰ ভিৰ - Raas Purnima 2022

আজি পৱিত্ৰ ৰাস-পূৰ্ণিমা(Raas Purnima 2022) । শৰতৰ পূৰ্ণিমাৰ এই বিতোপন নিশা শ্ৰীকৃষ্ণৰ অনঙ্গ ৰাসক্ৰীড়া পৰিৱেশনৰ প্ৰস্তুতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে । ৰাস পৰিৱেশনৰ বাবে এতিয়া পোছাক বিচাৰি ভাৱৰীয়াসকলে ভিৰ কৰিছে পোছাকৰ ভাণ্ডাৰবোৰত । ধিঙৰ পূজাৰি ড্ৰেচ ভাণ্ডাৰতো ভাওৰীয়াৰ ব্যাপক সমাগম ।

crowds at dress shops looking for raas costumes
ৰাসৰ পোছাক বিচাৰি পোছাকৰ বিপনীত ভাৱৰীয়াৰ ভিৰ
author img

By

Published : Nov 7, 2022, 8:47 PM IST

ধিঙ,৭ নৱেম্বৰ: "শৰত কালে পূৰ্ণিমা ৰাত্ৰি, অনঙ্গ কেলি কৰন্ত হৰি....." পূৰ্ণিমা নিশাৰ ৰাস উৎসৱক লৈ ৰাজ্যৰ চৌপাশে এতিয়া উখল মাখল পৰিৱেশ(Raas Purnima 2022) । শ্ৰী কৃষ্ণৰ ভক্তি ৰসত চেমনীয়াৰ পৰা জেষ্ঠ্য জনলৈকে প্ৰতিখন সত্ৰ নামঘৰত ৰাস ভাওনাৰ প্ৰস্তুতি তুংগত(Raas festival celebrated in Assam) ।

সমান্তৰালকৈ ৰাস পৰিৱেশনৰ বাবে প্ৰয়োজনীয় সাজ-পোছাকৰ বিপনী সমূহতো দেখিবলৈ পোৱা গৈছে ভাওৰীয়া সকলৰ হেতা-ওপৰা । সেয়েহে নিজে ৰাস ভাওনা কৰি ভালপোৱা ধিঙৰ উদিয়মান যুৱক ভাস্কৰ নাথৰ পূজাৰি ড্ৰেচ ভাণ্ডাৰত ৰাস উৎসৱক লৈ ভাওৰীয়া সকলৰ সমাগম ।

ৰাসৰ পোছাক বিচাৰি পোছাকৰ বিপনীত ভাৱৰীয়াৰ ভিৰ

নগাঁওৰ পশ্চিমাঞ্চলত গুৰুজনাৰ অমৰ সৃষ্টি ৰাজিৰ সাজপাৰ একেবাৰে নাটনি হোৱাত ধিঙৰ ভাস্কৰ নাথে পূজাৰি ড্ৰেচ ভাণ্ডাৰৰ মাধ্যমেৰে বিগত কেইবাটাও বছৰ ধৰি অটুট ৰাখিছে গুৰুজনাৰ আৰ্দশ । ইতিমধ্যে বৃহত্তৰ ধিং অঞ্চলৰ সকলো অনুষ্ঠানতে পূজাৰি ড্ৰেচ ভাণ্ডাৰৰ সাজ পাৰ সমূহ প্ৰেৰণ কৰা লগতে গুৱাহাটী মৰিগাঁৱৰ বিভিন্ন স্থানত পোছাক সমূহ প্ৰেৰণ কৰাৰ আগতীয়া বন্দবস্ত কৰিছে বুলি জানিব দিয়ে ।

উল্লেখনীয় বিষয় যে বিগত সময়ত স্থানীয় ভাওৰীয়া সকলে এযোৰ সাজপাৰৰ বাবে যাব লগীয়া হৈছিল বহু দূৰদূৰণিলৈ । যাৰ বাবে এতিয়া নিচেই কাষতে থকা ধিং বজাৰস্থিত ভাস্কৰ নাথৰ পূজাৰী ড্ৰেচ ভাণ্ডাৰৰ উন্নত মাণদণ্ডৰে নিৰ্মিত সাজপাৰে বিশেষভাৱে সহায়ৰ হাত আগবঢ়াইছে স্থানীয় ভাৱৰীয়া সকলক । ধিঙৰ উদিয়মান যুৱক ভাস্কৰ নাথৰ গুৰুজনাৰ প্ৰতি থকা গুৰুসেৱা ভক্তি আৰু সংস্কাৰ সচাই শলাগ ল’বলগীয়া ।

লগতে পঢ়ক: Raas Purnima 2022: ৮৯ সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱক লৈ আশাবাদী নলবাৰীবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.