কলিয়াবৰ, 20 ডিচেম্বৰ: চি.পি.আই. (এম.এল.) দলৰ কলিয়াবৰ সমিতিয়ে শিলঘাট মৰাপাট কল বন্ধ কৰাৰ বিৰুদ্ধে আৰু মন্ত্ৰী কেশৱ মহন্তৰ পদত্যাগৰ দাবীত ২৩ ডিচেম্বৰত প্ৰস্তাৱিত অৱস্থান বিক্ষোভ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছে ৷ দেওবাৰে দলটোৱে জখলাবন্ধাস্থিত কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলৰ জৰিয়তে কয় যে, স্থানীয় বিধায়ক তথা মন্ত্ৰী আৰু মৰাপাট কলৰ পৰিচালন মণ্ডলীৰ অধক্ষ্যই সংবাদ মাধ্যমৰ আগত ১ জানুৱাৰীত শিলঘাট মৰাপাট কল পুনৰ মুকলি কৰা হ'ব বুলি প্ৰকাশ কৰাত দলে সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে ৷
দলৰ কলিয়াবৰ সমিতিৰ সম্পাদক দিতু মনি গগৈয়ে আঁত ধৰা সংবাদ মেলত কেন্দ্ৰীয় সমিতিৰ সদস্য বলীন্দ্ৰ শইকীয়া উপস্থিত থাকি কয় যে, মন্ত্ৰী গৰাকীয়ে কৰা ঘোষণাৰ ক্ষেত্ৰত দলে সতৰ্ক দৃষ্টি ৰাখিব ৷ যদি ঘোষণা কৰা মতে কলৰ উৎপাদনৰ কাম আৰম্ভ নহয় তেন্তে স্থগিত ৰখা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব ৷ কল পুনৰ আৰম্ভ কৰাৰ লগতে কেইটামান বিষয় সম্পৰ্কত ৰাইজক এতিয়াও অন্ধকাৰত ৰখা হৈছে বুলিও উল্লেখ কৰে শইকীয়াই ৷ কি পৰিস্থিতিত কল বন্ধ কৰিব লগা হ'ল সেইটো ৰাজহুৱা কৰিব লাগে কৰাৰ লগতে, কল বন্ধ কৰা সম্পৰ্কত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিলে দলটোৱে ৷ ইয়াৰোপৰি কল আৰম্ভ কৰাৰ লগে লগে শ্ৰমিকৰ ওপৰত পূৰ্বৰ সিদ্ধান্ত অনুসৰি লোকচানৰ বোজা জাপি দিয়া হ'ব নেকি বুলি প্ৰশ্ন উত্থাপন কৰি, যদি এনে হয় তেন্তে দলটোৱে ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাবলৈ বাধ্য হ'ব বুলি সকীয়নি প্ৰদান কৰে ৷
আনহাতে এগৰাকী মন্ত্ৰী এটা কলৰ অধ্যক্ষ হৈ থকাৰ পাচতো কলটো বন্ধ হোৱা ঘটনাই মন্ত্ৰীৰ বিফলতাক প্ৰতিফলিত কৰিছে বুলিও উল্লেখ কৰে দুই নেতাই ৷ কলিয়াবৰৰ লগতে ৰাজ্যৰ সচেতন নাগৰিক সমাজে কল বন্ধ সম্পৰ্কত ক্ষোভিত হোৱাৰ বাবেই ততাতৈয়াকৈ কল মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নেকি বুলিও সংবাদ মাধ্যমযোগে মন্ত্ৰী কেশৱ মহন্তক প্ৰশ্ন কৰে দুই নেতাই ৷
বিজেপি-এজিপি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত এটাৰ পিছত এটাকৈ উদ্যোগ বন্ধ হৈ পৰিছে । যদি প্ৰচাৰ কৰাৰ দৰে শিলঘাট মৰাপাট কলৰ ১০ কোটি টকাৰ লোকচান হৈছে তেন্তে সেই টকা ৰাজ্য চৰকাৰ এখনে সাহায্য হিচাপে দি কল বন্ধ কৰাৰ দৰে হঠকাৰী সিদ্ধান্তৰ পৰা বিৰত থাকিব পাৰিলেহেতেন । সময়মতে এনে কাম নকৰি খিলঞ্জীয়া শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলা ৰাজ্য চৰকাৰ আৰু স্থানীয় মন্ত্ৰীগৰাকীক দলে ধিক্কাৰ জনাই কয়, বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত অসমৰ সকলো অংশৰ ৰাইজে অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে । চৰকাৰৰ প্ৰতিটো ঘোষণা কেৱল ঘোষণাতে আৱদ্ধ থাকে । বৰ্তমানৰ চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ, জাগীৰোড কাগজ কল মুকলি হ'ব হ'ব বুলি কৈ এতিয়া বিক্ৰী কৰিবলৈ উঠি পৰি লাগিছে । এই পৰিস্থিতিত কলিয়াবৰৰ সচেতন নাগৰিকক সজাগ থাকিবৰ বাবে দলে আহ্বান জনায় আৰু চৰকাৰৰ যিকোনো জন বিৰোধী নীতিৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদৰ পোষকতা কৰে ।
লগতে পঢ়ক: জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন