কলিয়াবৰ, 24 মে': ৰাজ্যত অপ্ৰতিৰোধ্য হৈ পৰিছে ক’ভিড-19 ৰ সংক্ৰমণ ৷ বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ সমান্তৰালভাৱে কলিয়াবৰতো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ সোমবাৰৰ দিনটোত কলিয়াবৰত ক’ভিডত আক্ৰান্ত হৈ এজনৰ মৃত্যু ৷ মৃত ব্যক্তিগৰাকী কলিয়াবৰৰ পুৰণা শালনাৰ শ্যামলাল গৌড় বুলি জানিব পৰা গৈছে ৷ মৃত শ্যামলাল গৌড়ৰ বয়স 54 বছৰ ৷ উল্লেখ্য যে, কিছুদিনৰ পৰা লোকজন অসুস্থ হৈ থকাত পৰিয়ালৰ লোকে তেওঁক চিমনা বস্তি ক’ভিড মডেল হাস্পতাললৈ চিকিৎসা কৰিবলৈ আনিছিল ৷
চিকিৎসালয়ত ক’ভিড পৰীক্ষা কৰাত তেওঁৰ দেহত ধৰা পৰে ক’ভিড-19ৰ অৱস্থিতি ৷ সংকটজনক অৱস্থাত আক্ৰান্ত ব্যক্তিজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পথতে মৃত্যু ঘটে লোকজনৰ ৷
জানিব পৰা মতে, সোমবাৰৰ দিনটোত কলিয়াবৰত 86 গৰাকীকৈ লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰ লগে লগে মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা 969 জনলৈ বৃদ্ধি পালে ৷ তদুপৰি এইপৰ্যন্ত কলিয়াবৰত ক’ভিড আক্ৰান্ত হৈ 5 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ৷ ক’ভিড সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি গেমন ইণ্ডিয়া কনষ্ট্ৰাকচনৰ আৱাসিক এলেকা (চুলুং), জাৱনি গাঁও, পুৰনা শালনাৰ ১ নং লাইন (ননৈ চাহ বাগান), তেলিয়া গাঁও (এটা অংশ), দলাপানী গাঁও, বৰচোং (উলুৱনি), কেৰিবাকৰি, জখলবন্ধা লগতে জখলাবন্ধাৰ কেইবাটাও আৱাসিক এলেকা কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : ক'ভিড নিৰ্দেশনা ভংগকাৰীৰ বিৰুদ্ধে সৰৱ বৰহোলা আৰক্ষী