ETV Bharat / state

Amsoi gaon Panchayat Scam : নিৰ্ধাৰিত ধন আদায় দিব নোৱাৰাৰ বাবে আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হিতাধিকাৰী, তদন্তৰ দাবী

আমচৈ গাঁও পঞ্চায়তত বিয়াগোম দুৰ্নীতিৰ অভিযোগ ৷ আমচৈ পঞ্চায়তৰ একাংশ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ৷ প্ৰতিখন আঁচনিৰ বাবদ পঞ্চায়তৰ একাংশ বিষয়া-কৰ্মচাৰীক আদায় দিব লাগে নিৰ্ধাৰিত ধন ৷ তদন্তৰ দাবী স্থানীয় ৰাইজৰ ৷

Amsoi gaon Panchayat Scam
নিৰ্ধাৰিত ধন আদায় দিব নোৱাৰাৰ বাবে আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হিতাধিকাৰী
author img

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 3:39 PM IST

নিৰ্ধাৰিত ধন আদায় দিব নোৱাৰাৰ বাবে আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত হিতাধিকাৰী, তদন্তৰ দাবী

ৰহা, 25 ছেপ্টেম্বৰ: ৰাজ্য চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতিক প্ৰত্যাহ্বান জনাই এটাৰ পিচত আন এটা দুৰ্নীতি কৰি গৈছে ৰহাৰ আমচৈ গাঁও পঞ্চায়তৰ একাংশ কৰ্মীয়ে । আমচৈ গাঁও পঞ্চায়তৰ অন্তৰ্গত 3 নং ৱাৰ্ডত বাস কৰা ৰাইজ তুলিছে এই গুৰুতৰ অভিযোগ ৷ টকা নহ'লে লৰচৰ নকৰাৰ গুৰুতৰ অভিযোগ আমচৈ পঞ্চায়তৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে ।

চৰকাৰী আচঁনি প্ৰদানৰ নামত হিতাধিকাৰীৰ মাজত এক অবৈধ বেহা চলাইছে আমচৈ পঞ্চায়তৰ কৰ্মচাৰীয়ে ৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা ঘৰ দিয়াৰ বাবদ পঞ্চায়তটোৰ কৰ্মচাৰীক এজন হিতাধিকাৰীয়ে আদায় দিব লাগে 2000 টকাৰ মাননী । একেদৰে জিৰ' টেগৰ বাবদ হিতাধিকাৰীজনে দিব লাগে 500-1000 টকা ৷ এই টকাৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিছে আমচৈ পঞ্চায়তৰ বিষয়া-কৰ্মচাৰীসকলে ।

উল্লেখযোগ্য যে, আমচৈ পঞ্চায়তত দীৰ্ঘদিন ধৰি ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰি আহিছে স্থানীয় ৰাইজে । ধন নহ'লে কাম নকৰাৰ অভিযোগ পঞ্চায়তখনৰ বিষয়া-কৰ্মচাৰীসকলৰ বিৰুদ্ধে । শেহতীয়াকৈ আমচৈ বেলতলাত MGNREGA আঁচনিৰ বাবদ জব কাৰ্ড হিতাধিকাৰীৰ একাউণ্টত সোমোৱা‌ ধন সংগ্ৰহ কৰিছে পঞ্চায়তখনৰ গ্ৰাম ৰোজগাৰ সেৱকগৰাকীয়ে ।

হিতাধিকাৰীসকলে অভিযোগ কৰা মতে এজন হিতাধিকাৰীৰ একাউণ্টত সোমোৱা 1400 টকাৰ বিনিময়ত পঞ্চায়তখনৰ গ্ৰাম ৰোজগাৰ সেৱকগৰাকীক প্ৰদান‌ কৰিব লাগে 1200 টকা । ইয়াৰ ওপৰিও অনুদানৰ ঘৰ, ঘৰৰ জিৰ' টেগ, জব কাৰ্ড নিৰ্মাণ আদিৰ লগতে চহী এটা কৰিবলৈও ধন লাগে হেনো পঞ্চায়তখনৰ GRS ববিতা কাকতিক । আনহাতে, আঁচনি আৰু উন্নয়নৰ নামত মুকলি বেপাৰ চলাই থকাৰ সকলো অভিযোগ একেমুখে নস্যাৎ কৰিছে গ্ৰাম ৰোজগাৰ সেৱক ববিতা কাকতিয়ে ।

দীৰ্ঘদিন ধৰি আমচৈ পঞ্চায়তত সংঘটিত হৈ থকা এনে দুৰ্নীতিৰ বিৰুদ্ধে তদন্তৰ আহ্বান জনাইছে স্থানীয় ৰাইজে । দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি থকা বুলি ঢাক ঢোল বজোৱা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এনে দুৰ্নীতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক: Assam CM on state’s growth: দোপত দোপে উন্নয়নৰ জখলা বগোৱা অসমত কোনো প্ৰতিবাদ নাই; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.