কলিয়াবৰ, 12 মে': যোৱা ১০ মে'ত সম্প্ৰচাৰিত হোৱা পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ ৰহধলা পঞ্চায়তৰ দুৰ্নীতিৰ বাতৰিৰ পিচতে মুখ খুলিলে অভিযুক্তই । প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ হিতাধিকাৰীৰ তালিকাক লৈ কলিয়াবৰৰ পশ্চিম অঞ্চলৰ ৰহধলা গাঁও পঞ্চায়তৰ, ৩ নং গাঁও সভাৰ সদস্য সকলৰ দ্বাৰা দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল এটা পক্ষই । ইয়াক লৈ বঞ্চিত কৃষকৰ অভিযোগৰ ভিত্তিত প্ৰকাশিত বাতৰিৰ পিচত, আত্মপক্ষৰ সমৰ্থনত সাংবাদিকৰ কাষ চাপিল অভিযুক্ত পক্ষ ।
শিৱস্থান গাঁৱৰ অভিযুক্ত জিতেন শইকীয়াৰ পৰিয়ালে স্পষ্ট কৰিলে জিতেন শইকীয়াই লোৱা নাই ৰাজ সাহাৰ্য । ইয়াৰ বিপৰীতে তেওঁলোকে কয়, অভিযোগকাৰীৰ পৰিয়ালে লাভ কৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ সাহাৰ্য । পূৰ্বে প্ৰকাশিত বাতৰিত জিতেন শইকীয়াৰ নাম প্ৰধান মন্ত্ৰী কিষাণ সন্মান নিধিৰ তালিকাত থকাৰ তথ্য ভিত্তিহীন আৰু কোনো সত্যতা নাই বুলি দাবী কৰে পৰিয়ালটোৱে ।
লগতে পঢ়কঃ ছয়গাঁৱত কিশোৰী ধৰ্ষণকাৰীক জেল হাজোতলৈ প্ৰেৰণ