ETV Bharat / state

সুলভ মূল্যৰ এজেণ্টৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

আমবাগান সমবায় সমিতিৰ অন্তৰ্গত কাঠপাৰাৰ সুলভ মূল্যৰ এজেণ্টৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ গ্ৰাহকৰ ৷ দৰিদ্ৰসকলক ৰেচন কাৰ্ড বনাই দিয়াৰ প্ৰলোভন দি 3 হাজাৰ টকাকৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷

author img

By

Published : Jun 8, 2021, 5:08 PM IST

corruption-charges
দুৰ্নীতিৰ অভিযোগ

চামগুৰি, 8 জুন : ৰেচন কাৰ্ড বনাই দিয়াৰ নামত সুলভ মূল্যৰ এজেণ্টৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ । এই অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

দুৰ্নীতিৰ অভিযোগ

অভিযোগ অনুসৰি, আমবাগান সমবায় সমিতিৰ অন্তৰ্গত কাঠপাৰাৰ চাইফুল ইছলাম নামৰ এজেণ্টজনে দৰিদ্ৰ লোকক ৰেচন কাৰ্ড বনাই দিয়াৰ প্ৰলোভন দি 3 হাজাৰ টকাকৈ ধন সংগ্ৰহ কৰি আহিছে ৷ এজেণ্টজনে তেওঁলোকৰ ৰেচন কাৰ্ড বনাই নিদিয়াত ক্ষোভিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে গ্ৰাহকসকলে ।

গতিকে দুৰ্নীতিগ্ৰস্ত এজেণ্টক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷ লগতে আমবাগান আৰক্ষী চকীত এজেণ্টৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে গ্ৰাহকসকলে ৷

লগতে পঢ়ক : ৰঙিয়াত বন বিভাগৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.