বটদ্ৰৱা, 3 জুনঃ ধন সংগ্ৰহত নামিল কৰ্তব্যৰত অৱস্থাত থকা আৰক্ষী ৷ কেমেৰাত বন্দী হ'ল ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত COVID-19 যোদ্ধা হিচাপে জৰুৰীকালীন সেৱাত নিয়োজিত আৰক্ষীক সম্বর্ধনা তথা প্ৰশংসা জনোৱাৰ সময়তে,এনে বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ'ল মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বৰি বজাৰ উপ আৰক্ষী চকীৰ একাংশ আৰক্ষীৰ মাজত ৷ ৰাজপথেৰে যোৱা প্ৰায় প্ৰতিখন বাহনৰ পৰাই তেওঁলোকে ধন সংগ্ৰহ কৰা দেখিবলৈ পোৱা গৈছে ৷
বিভিন্ন গাড়ীৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰাৰ ওপৰিও তেওঁলোকে অবৈধ জুৱা খেল,ড্ৰাগছ মাফিয়াকে ধৰি বিভিন্ন অসামাজিক কাৰ্য-কলাপৰ পৰাও এই আৰক্ষী চকীৰ আৰক্ষীয়ে গুণ্ডা কৰ সংগ্ৰহ কৰে বুলি অভিযোগ উত্থাপন হৈছে ৷ অসম আৰক্ষীৰ এই জোৱান সকলৰ বিৰুদ্ধে শীঘ্ৰেই বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছে চেতন ব্যক্তিৰ লগতে দল সংগঠনে ৷
লগতে পঢ়কঃ বেজেৰাত কৃষি বান্ধ নিৰ্মাণক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগ