ETV Bharat / state

পঞ্চায়ত প্ৰতিনিধিৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰিণত হৈছে গ্ৰামোন্নয়ন আঁচনি

author img

By

Published : Dec 14, 2020, 9:43 PM IST

কলিয়াবৰত পঞ্চায়ত প্ৰতিনিধিৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে ৷ আঁচনি ৰূপায়নৰ নামত অহা টকা আত্মসাৎ কৰি ৰাইজৰ উন্নয়নলৈ পিঠি দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷

corruption-allegations-against-panchayat-representatives-in-koliyabar
কলিয়াবৰত গ্ৰামোন্নয়ন আঁচনি ৰূপায়নত পঞ্চায়ত প্ৰতিনিধিৰ দুৰ্নীতি

কলিয়াবৰ, 14 ডিচেম্বৰ : কলিয়াবৰ উন্নয়ন খণ্ডৰ একাংশ পঞ্চায়তত গ্ৰামোন্নয়ন আঁচনি ৰূপায়নৰ নামত একাংশ প্ৰতিনিধি, বিষয়া-কৰ্মচাৰীয়ে আঁচনি ৰূপায়নৰ নামত অহা পুঁজি লুন্ঠন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ অভিযোগ অনুসৰি, পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অধীনৰ বৰঘূলি গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ এম. জি. এনৰেগা আঁচনি ৰূপায়নৰ ক্ষেত্ৰতো অনিয়মৰ অভিযোগ উত্থাপন হৈছে ৷

corruption-allegations-against-panchayat-representatives-in-koliyabar
অৰ্ধ-নিৰ্মিত অৱস্থাত থকা ফুটব্ৰীজ

চতুৰ্দশ বিত্তীয় আয়োগৰ আৱন্টিত পুঁজিৰ প্ৰায় 19 লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ লোৱা এখন 'ফুটব্ৰীজ' দুটা বছৰে অসম্পূৰ্ণ হৈ থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ একেদৰে, প্ৰায় 8 লাখ টকা ব্যয় সাপেক্ষ 50x30x6 ঘন ফুটৰ হাইলেণ্ড সম্পূৰ্ণ নহ'ল ।

লগতে পঢ়ক : ছাংপোত বান্ধ প্ৰতিষ্ঠাৰ দিশে অগ্ৰসৰ হৈছে চীন

স্থানীয় ৰাইজৰ অভিযোগ মতে, বৰঘূলী গাঁও পঞ্চায়তৰ সভাপতি চোৰ‌হাবুদ্দিন আৰু পঞ্চায়ত সচিবে মিলি বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰি ৰাইজৰ উন্নয়নলৈ পিঠি দিছে । আনহাতে, কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ অঞ্চলটোৰ খহনীয়া সমস‍্যা দীৰ্ঘদিনীয়া । খহনীয়া প্ৰতিৰোধৰ বাবে লোৱা আঁচনি সমূহৰ সঠিক ৰূপায়ন নোহোৱাৰো অভিযোগ দীৰ্ঘদিনীয়া ।

স্থানীয় ৰাইজৰ মন্তব্য

শেহতীয়াকৈ, তথ‍্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এম. জি. এনৰেগা আৰু চতুৰ্দশ বিত্তীয় পৰিকল্পনাৰ আঁচনিত হোৱা বিয়াগোম কেলেংকাৰীৰ তথ‍্য পোহৰলৈ আহিছে । উল্লেখযোগ‍্য যে, কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কলিয়াবৰ আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডত দীৰ্ঘদিন ধৰি খণ্ড উন্নয়ন বিষয়াক নিযুক্তি নিদিয়াৰ ফলত ভাৰপ্ৰাপ্ত বিষয়াৰে উন্নয়ন খণ্ডৰ উন্নয়নৰ কাম-কাজত যতি পৰিছে বুলিও ৰাইজে অভিযোগ কৰিছে ।

লগতে পঢ়ক : 5 গৰাকী সদস্যৰ শপত গ্ৰহণৰে গঠিত হ'ব বড়োভূমিৰ নতুন স্বায়ত্ব শাসিত পৰিষদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.