ETV Bharat / state

কপিলীৰ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম - কপিলী নদীৰ বাঢ়নীপানী

কামপুৰৰ কাকতিগাঁৱৰ সমীপৰ কপিলী নদীৰ মাথাউৰিটো নিৰ্মাণ নোহোৱাক লৈ আতংকিত হৈ পৰিছে কপিলীপৰীয়া ৰাইজ ৷ বগলাজান পঞ্চায়তৰ সভাপতি ইব্ৰাহীম আলিৰ নেতত্বত শেহতীয়াকৈ কাকতিগাঁৱৰ সমীপৰ মথাউৰিটো নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে যদিও তাতো অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

corruotion in  embankment construction of kopili river
কপিলীৰ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম
author img

By

Published : Jul 16, 2021, 9:51 AM IST

বঢ়মপুৰ, 16 জুলাই : ৰহা সমষ্টিৰ কামপুৰৰ কাকতিগাঁৱৰ সমীপৰ কপিলী নদীৰ মাথাউৰিটো নিৰ্মাণ নোহোৱাক লৈ আতংকিত হৈ পৰিছে কপিলীপৰীয়া ৰাইজ ৷ কপিলীৰ বাঢ়নীপানীয়ে প্ৰতিবছৰে কাকতিগাঁৱৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে যদিও বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে জলসম্পদ বিভাগে ৷ শেহতীয়াকৈ স্থানীয় বগলাজান পঞ্চায়তৰ অধীনত ১০ লাখ টকা ব্যয়ৰে এম জি এনৰেগা (MGNREGA) আঁচনিৰ জৰিয়তে কাকতিগাঁৱৰ সমীপৰ মথাউৰিটো নিৰ্মাণ কৰা হৈছে যদিও নিৰ্মাণত কাৰ্যত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

কপিলীৰ মথাউৰি নিৰ্মাণত ব্যাপক অনিয়ম

স্থানীয় লোকে সদৰি কৰা মতে, কপিলী নদীৰ (Kapili River)বাঢ়নীপানীয়ে প্ৰতিবছৰে ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰে ৷ যাৰ ফলত বহু কৃষিজীৱি লোকৰ কৃষিভূমি কপিলীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ৷ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক কপিলী বান-খহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ীভাৱে এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল যদিও আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি সদৰি কৰিছে স্থানীয় লোকে ৷

বগলাজান পঞ্চায়তৰ সভাপতি ইব্ৰাহীম আলিৰ নেতত্বত শেহতীয়া কৈ কাকতিগাঁৱৰ সমীপৰ মথাউৰিটো নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে যদিও তাতো অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷ স্থানীয় লোকৰ অভিযোগ মতে মাথাউৰি নিৰ্মাণৰ নামত এটা আলি নিৰ্মাণ কৰি আৱণ্টিত ধনৰ সিংহ ভাগ আত্মসাৎ কৰাৰ কৌশল ৰচনা কৰিছে পঞ্চায়তৰ সভাপতি গৰাকীয়ে ৷

এইবছৰ যদি মথাউৰিটো নিৰ্মাণ কৰা নহয় তেন্তে কাকতিগাঁৱৰ কুৰিৰো অধিক পৰিয়াল কপিলীৰ বান-খহনীয়াৰ কৱলত পৰি গৃহহীন হোৱা উপক্ৰম হ'ব ৷ অৰ্থাৎ মথাউৰিটো নিৰ্মাণ কৰা হৈছে যদিও এতিয়াও কাকতিগাঁৱৰ ৰাইজৰ মাজৰ পৰা আতংক আঁতৰা নাই ৷ গতিকে অতিশীঘ্ৰে মথাউৰিটো ভালদৰে নিৰ্মাণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে কাকতিগাঁৱৰ ৰাইজে ৷

লগতে পঢ়ক: মানৱ অংগ সৰবাহৰৰ তদন্ত বিচাৰি মমতালৈ চিঠি গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.